কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টিকা পা
পৰিমাণ বা মূল্য আদি জান্
to know the value, weight etc.
- টিকা-ফটাAdjective
বৰ তপত বা চোকা
very hot (said of sun)
- টিকা-সঁকাṭikā-sam̐kāNoun
নিশ্চয় কৰা জোখ, মূল্য আদি
estimate of value, quantity, etc.
- টিকাত কিলাইṭikāta, kilāiAdverb
অলপো কম নকৰাকৈ; সম্পূৰ্ণ পৰিমাণে; যেনে-"সি তাৰ বস্ত্তৰ দাম টিকাত কিলাই আদায় কৰিলে"
fully; without slight reduction
- টিকাফটাti.ka.pho.taProper Adj.
শৰীৰ ছাল পুৰি নিয়া অতি তপত বা গৰম৷ ৰ’দৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷
very hot ( said as sunshine).
- টিকিti.kiAbstract Noun
মাজ মুৰত অকনমান পাছফাললৈ থকা চুলিৰ দীঘলীয়া কোছা ৷
a number of haire fastened or closely grouped together
- টিকি ঠাকti.ki thakVerb-Trans.
সুদীৰ্ঘ সময়ৰ বাবে বহন কৰা বা ধৰি ৰখা
To support or bear for a long time
- টিকিটিকি দি
বেতেৰে কোবা।
- টিকিটিকিত দি
টিকটিকিত বান্ধি বেতেৰে কোবা
to tie to the above and then whip
- টিকিৰাṭikirāNoun
চিলিমত জুই লগাবলৈ এঙাৰ গুৰি কৰি কৰা সৰু সৰু চাকলি
a small charcoal cake for burning the tobacco in the chilim
- টিকেটti.ketCommon Noun
কাৰোবাক মূল্য/ ভাড়া/ পইচাৰ বিনিময়ত বাছ, ৰেলগাড়ী, বিমান আদিত ভ্ৰমণ কৰিবলৈ; চিনেমা হল বা এনে আন কোনো অনুষ্ঠানত প্ৰৱেশ কৰি সেৱা উপভোগ কৰিবলৈ অনুমতি প্ৰদান কৰি দিয়া (ছপাকৰা) কাগজ৷
a piece of (printed)card giving somebody the right to travel by a particular bus, train, plane etc. or to go into a cinema, theater etc.against some payment
- টিকোঁতাFeminine
টিকঁতী।
- টিক্ṭikTransitive verb
তং কৰ্; মনত ভাবি বা গমি চা
to consider; to reflect
- টিক্ টিক্ṭik, ṭikNoun
জেঠীৰ মাত, সৰু মাৰিৰে বা ঘড়ীৰ কাঁটাই ঘনে ঘনে আঘাত কৰাৰ নিচিনা শব্দ
an imitative word used to express the ticking of the house lizard or a clock, or the sound produced by striking a hard substance with a small stick
- টিক্টিকনি
টিক্ টিক্ কৰা কাৰ্য্য।
- টিক্চি বিক্চি উঠ্tik.si bik.si uthVerb-Intran.
নিজে খঙৰ ভাৱ প্ৰকাশ কৰ্
To become angry by oneself.
- টিক্লিtik.liMaterial Noun
মহিলাই কপালত পিন্ধা এবিধ অলংকাৰ৷
An ornament or band worn on the forehead as a phylactery.
- টিঘিলঘিলাṭighilaghilāIntransitive verb
টিল্ঘিলা।
- টিঘিলঘিলাই ফুৰ্ti.ghil.ghi.lai purVerb-Intran.
কোনো নিৰ্দ্দিষ্ট উদ্দেশ্য বা গন্তব্য নোহোৱাকৈ ইফালে-সিফালে খোজ কাঢ়ি ফুৰ্
to walk around slowly in a relaxed way or without any clear purpose or direction
- টিঙত কোবোবাṭiṅata, kobobāAdjective
দুঃসাহসী; বিপদলৈ ভয় নকৰা; বাঘৰ নেজত ধৰা
rash; precipitate