কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘিণ-লগাghin-lo.gaProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘিণাghi.naVerb-Trans.
কাৰোবাক বা কিহবাক অতিকৈ বেয়া পা৷
the hate or dislike something or someone
- ঘিনাAbstract Noun
সন্মানৰ অভাৱ, শত্ৰুতা অথবা ভাল নোপোৱা সোৱাদ, গোন্ধ বা ৰঙৰ বাবে জন্মা অতি বেয়া পোৱা ভাৱ।
extreme dislike due to lack of respect, enmity or unfavorable taste, odour or colour.
- ঘিমৰুghimaruNoun
ছিঁৰাল জাতিৰ এবিধ বনৰীয়া লতা
a wild creeper of the cucumber family
- ঘিলাghilāNoun
বহুত গছ জুৰি বগোবা এবিধ বৰ ডাঙৰ বনৰীয়া লতা আৰু তাৰ গুটি [বৰ দীঘল ফাঁক মেলি ইয়াৰ চেপেটা ছেঁই ধৰে আৰু তাৰ ভিতৰত চেপেটা আৰু ঘূৰণীয়া গুটি হয়; এই গুটিৰ ভিতৰৰ মঙহেৰে মাইকী মানুহে মূৰ ধোবে; গুটিবোৰেৰে ল'ৰাই ধেমালি কৰে; কেতিয়াবা তাৰ ঠাৰি তামোলৰ লগত খায়।]
a kind of gigantic wild creeper and its round flat seeds; Entada scandens
- ঘিলা পিঠাghi.la pi.thaMaterial Noun
পিঠাগুৰিৰ লগত গুৰ আৰু পানী মিহলাই থুপথুপীয়া কৰি তেলত ভজা গোলাকৃতিৰ আৰু সাধাৰণতে মাজটো ফোপোলা এক পিঠা৷
a kind of traditional Assamese pitha. Made up of a mixture of rice powder,jaggery and water. This mixture is deep fried in oil.
- ঘিলা-খেলNoun
ঘিলাৰে কৰা ধেমালি
a game played by children using ghilās as marbles
- ঘিলা-খোপাNoun
ঘিলাৰ নিচিনাকৈ চেপেটা আৰু ঘূৰণীয়াকৈ বন্ধা খোপা; ঘিলাডুঙীয়া [অ. ঘিলা + ডোঙা] বি. নৈৰ সাধাৰণ ঠাইতকৈ কিছু দ আৰু ঘূৰণীয়া ঠাই; বাম ডুবি
a round and comparatively deep place in a river
- ঘিলা-পিঠা
গুৰ, পিঠা-গুৰি মিহলাই ঘিলাৰ আকৱতি কৰি তেল বা ঘিউত ভজা পিঠা; বৰপিঠা
a kind of pan-cake made of flour and sugar
- ঘিলা-সংযোগghilā-saṃyogaNoun
ডাঙৰ পেৰা আদি সহজে আন ঠাইলৈ লৰাবৰ কাৰণে তাৰ তলত লগোবা সৰু চকৰিৰ যতন
a wheel work; combination of wheels and their connection with something
- ঘিলা-হাঁহghilā-hām̐haNoun
এবিধ হাঁহ; সৰু বনৰীয়া পানী-হাঁহ
a species of teal
- ঘিলাধাৰীProper Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District.
- ঘীghiMaterial Noun
মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries.
- ঘুঁকুটিয়াghum̐kuṭiẏāTransitive verb
ঘোঁক্; খোঁচৰ্; আঙুলি বা মাৰিৰে অলপকৈ খোঁচা বা ঠেলা মাৰ্
shake or stir with a stick or finger thrust into something; to hog; to nudge
- ঘুকুচাghukucāAdjective
বেঁকা; কুঁজা; ঘোৰ-খোবা
bowed; bent; curved
- ঘুকুচ্মৈghukucmaiNoun
বেলিপকাৰ নিচিনা আৰু প্ৰায় সিমান ডাঙৰ এবিধ বনৰীয়া লতা
a wild creeper and its fruit
- ঘুগনিMaterial Noun
বুট, মটৰমাহ আদিৰ লগত আলু দি ৰন্ধা খাদ্য বিশেষ
A kind of curry made of potato, peas etc.
- ঘুগুনিMaterial Noun
বুট, মটৰমাহ আদিৰ লগত আলু দি ৰন্ধা খাদ্য বিশেষ
A kind of curry made of potato, peas etc.
- ঘুগুলাghugulāNoun
কোনো শস্য বা বস্ত্ত মাৰিলে, খঁচিলে বা খুন্দিলে তাৰপৰা ভাগি-ছিগি গুৰি হৈ ওলোবা জাবৰ
the crumbled pieces of anything; trash
- ঘুগুলিghuguliNoun
এবিধ জাক পাতি ফুৰা সৰু মাছ
a kind of very small fish