কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নবগ্ৰহnabagrahaNoun
সূৰ্য্য, চন্দ্ৰ, মঙ্গল, বুধ, বৱহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু, এই নটা গ্ৰহ
the nine planets of the Hindu astronomy
- নবজন্মno.bo.jon.moAbstract Noun
মৃত্যুৰ পিচত আকৌ লাভ কৰা জন্ম ।
A new or second birth after death.
- নবজাতnabajātaAdjective
সদ্যহতে জন্ম লোবা।
- নবজাতকnabajātakaNoun
সদ্যহতে জন্ম লোবা শিশু।
- নবজিতno.bo.jitAbstract Noun
নতুনকৈ জয়ী প্ৰাপ্ত,যিয়ে কোনো এটা বিষয়ত প্ৰথমবাৰৰ বাবে বিজয় লাভ কৰে ৷
A winner who won for the first time.
- নবতিnabatiNoun
নবৈ
ninety
- নবদ্বাৰnabadbāraNoun
শৰীৰৰ ন-খন দ্বাৰ বা বাট; যেনে-দুটা চকু, দুখন কাণ, নাকৰ বিন্ধা দুটা, মুখ, গুহ্য আৰু লিঙ্গ বা ষোনি
the nine inlets or outlets of the body
- নবদ্বাৰপুৰNoun
শৰীৰ।
- নবধাnabadhāAdverb
ন বাৰ; ন প্ৰকাৰে।
- নবধাতুnabadhātuNoun
সোণ, মুক্তা, বালিচন্দা, তাম, ৰাং, তীখা, কাঁহ, কান্ত, লৌহ, টিন, এই নটা ধাতু
the nine principal metals
- নবনিধিnabanidhiNoun
কুবেৰৰ নটা বহুমূলীয়া ৰত্ন বা বস্ত্ত-মহাপদ্ম, শঙ্খ, মকৰ, কচ্ছপ, মুকুন্দ, কুন্দ, নীল আৰু খৰ্ব্ব; বহুমূল্য সম্পদ; যেনে-"জানিবাহা হৰিৰ নামেসে নবনিধি" (দশম)
the nine fabulour gems or treasurers of Kuvera
- নবনীতnabanītaNoun
লবনু; মাখন
butter
- নবপত্ৰিকাnabapatrikāNoun
এখন কাপোৰেৰে এটা কলপুলি, আৰু কচু, হালধি, অশোক, ডালিম, বেল, জয়ন্তী, মান-কচু আৰু ধানৰ পাত মেৰিয়াই দুৰ্গা- পূজাৰ সপ্তমীৰ দিনা কল্পনা আৰু পূজা কৰা দুৰ্গাৰ মূৰ্ত্তি
an image of Durgā made up of the leaves of nine plants placed by the side of the image of Durgā on the seventh lunar day
- নবমnabamaAdjective
আঠোটাৰ পাছৰটো
the ninth
- নবমল্লিকাnabamallikāNoun
নবমালিকা।
- নবমালিকাnabamālikāNoun
নেবালী ফুল
Jasminum arborescens
- নবমীnabamīNoun
নবম সংখ্যাৰ তিথি
the ninth day of a lunar half-month
- নবসিদ্ধnabasiddhaNoun
যিনি ৰজাক উপদেশ দিয়া নজন সিদ্ধ-পুৰুষ।
- নবান্নnabānnaNoun
নতুন চাউল
new rice
- নবাবnabābaNoun
ৰাজ-প্ৰতিনিধি; শাসনকৰ্ত্তা
Muhammedan viceroy or governor