কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দবনি-পিটা দি
দগৰি-পিটা দি; বেছিকৈ মাৰ-কিল কৰ্; দবনি পিট্।
- দবনি-পিটিdo.bo.ni-pi.tiAdverb
পৰিমাণতকৈ বেছি খাদ্য খাই আৰু খাবলৈ নোৱাৰা হোৱা|
The state of being satisfactorily full due to excess in consumption of especially food or drink and unable to eat/drink more.
- দবনিকৈdo.bo.ni.koiAdverb
পৰিমাণতকৈ বেছি খাদ্য খাই আৰু খাবলৈ নোৱাৰা হোৱা|
The state of being satisfactorily full due to excess in consumption of especially food or drink and unable to eat/drink more.
- দবহাdabahāAdjective
ডাঠ; মঙহাল
flat and thick
- দবহাNoun
শকত বা মঙহাল মানুহ।
- দবহা-দবহিAdjective
মঙহাল
fat
- দবাdabāTransitive verb
তললৈ হেঁচ্; নত কৰ্; খাল কৰ্; হেঁচি বহুবা; . কৱদ
to press down
- দবা দি ধৰ্dabā, di, dhar
হঠাৎ বলেৰে গবা মাৰি ধৰ্
to seize suddenly with force
- দবা পিট্, দবা পিটা দিdabā, piṭ, dabā, piṭā, di
দগৰ পিট্; বিণ. দবা-পিটা বৰকৈ বা বেচি পৰিমাণে পৰা বা মাৰ-কিল কৰা; যেনে-"দবা-পিটা বৰষুণ; "সি তাক দবা-পিটা দিলে; "
heavy (blows, rain)
- দবা- কানীয়াNoun
বৰকৈ কানি খোবা মানুহ
a confirmed opium eater
- দবা-কলাAdjective
দবা কোবালেও নুশুনা কলা; বৰ কলা
extremely deaf
- দবা-খেলdabā-khelaNoun
দুজন মানুহে কাপোৰ বা কাঠৰ পাটত অঁকা ঢালত গুটি বুলাই খেলা এবিধ খেল; শতৰঞ্জ খেল
chess
- দবা-খৰdabā-kharaNoun
খৰ; অনাবৱষ্টি।
- দবা-প'ৰলিdabā-pa'raliNoun
ঘৰৰ ছাউনি ডাঠ হ'বৰ কাৰণে চালৰ মুখত বন্ধা ঢাপলি
the undermost layer of thatch on the eaves of a house
- দবা-পিটন দেdo.ba pi.ton deVerb-Trans.
কাৰোবাক বাৰে বাৰে জোৰেৰে,দুখ পোৱাকৈ কিল, ভুকু, বা ঢকা মৰা বা এনেদৰে আক্ৰমণ কৰা
to attack, beat with repeated blows.
- দবা-পিটাdo.ba-pi.taProper Adj.
অতি বেচি পৰিমাণে হোৱা (বৰষুণ)৷
refers to a high intensity non-stop shower or rain.
- দবা-পিটা দেdo.ba pi.ta deVerb-Trans.
কাৰোবাক বাৰে বাৰে জোৰেৰে,দুখ পোৱাকৈ কিল, ভুকু, বা ঢকা মৰা বা এনেদৰে আক্ৰমণ কৰা
to attack, beat with repeated blows.
- দবা-প’ৰলিdo.ba-po.ro.liMaterial Noun
ঘৰৰ ছাউনি ডাঠ হ’বৰ কাৰণে চালৰ মুখত বন্ধা ঢাপলি বা দাঁতিত বন্ধা খেৰৰ একেবাৰে তলৰ তৰপ
the undermost layer of thatch on the eaves or lower edges of the roof of a house
- দবাখেলdo.ba.khelMaterial Noun
দুজন খেলু্ৱৈৰ মাজত খেলা এখন বুদ্ধিৰ খেল৷
A board game for two players, each beginning with 16 pieces of six kinds that are moved according to individual rules, with the objective of checkmating the opposing king
- দবাপৰলি বান্ধ্do.ba.po.ro.li bandhVerb-Intran.
চালৰ দাঁতি বা মুখত খেৰ বান্ধ্
to fix thatch to the edges of the roof