কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছাল-বাকলিchāla-bākaliNoun
গাত লোবা কাপোৰ-কানি; খাব-পিন্ধিবলৈ থকা অবস্হা
means of livelihood
- ছাল-মুগৰাchāla-mugarāNoun
এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ [ইয়াৰ গুটিৰপৰা তেল উলিয়াই ঔষধত ব্যবহাৰ কৰে।]
the chāul-mugrā; gynocardha odorata
- ছালওকণি
মানুহৰ গাত বা কাপোৰত হোবা এবিধ বগা ওকণি
a kind of louse
- ছালছিগাAdjective
ছাল নষ্ট বা নাইকিয়া হোবা
having a bruised skin; having no skin
- ছালফিউৰিক এচিডsal.phiu.rik e.sidMaterial Noun
এবিধ শক্তিশালী অম্ল৷ চালফাৰ-ট্ৰাই-অক্সাইড আৰু পানীৰ ক্ৰিয়াৰ ফলত ই উৎপন্ন হয়
Dense highly corrosive oily acid
- ছালামchālāmaNoun
ডাঙৰ লোকৰ প্ৰতি সম্ভ্ৰম প্ৰকাশ কৰি মতা মাত; প্ৰণাম
salute
- ছালামিNoun
ডাঙৰ লোকক মান্য-স্বৰূপে দিয়া বস্ত্ত; উপঢৌকন
a personal gift or present
- ছালিchāliNoun
তামোলৰ লগত বা তামোলৰ সলনি খোবা কোনো কোনো বনৰীয়া লতাৰ ঠাৰি যা গছৰ ছাল
the stem of certain creepers or the bark of certain trees chewed with or instead of betelnuts
- ছালিছchālichaNoun
মেল; কোনো কথা আলচ বা সোধ কৰিবলৈ গোটোবা সমাজ
a private court of enquiry
- ছালিছাchālichāNoun
চালিচৰ ৰায় মানিম বুলি স্বীকাৰ কৰা জামিন- স্বৰূপে দুই পক্ষৰ লোকে চালিচৰ হাতত ৰখা টকা
money deposited as a security to abide by the decision of a private court
- ছাল্তামামিchāltāmāmiNoun
বাৰ্ষিক বিবৰণ বা হিছাপ; সমস্ত বছৰত হোবা কাৰ্ষৰ বিবৰণ বা হিছাপ
an annual account or report; stocktaking
- ছাহা-বাহাchāhā-bāhāNoun
ল'ৰা-ছোবালী আদি পৰিয়ালবৰ্গ
family and children
- ছাহাবchāhābaNoun
মান্যলোক; ঈশ্বৰ; গৰাকী
a gentleman, master
- ছাহাবিয়ানাchāhābiẏānāNoun
ইউৰোপীয়ৰ নিচিনা আচৰণ।
- ছাহাবীsa.ha.biProper Adj.
ইউৰোপীয় লোক বা চাহাবৰ দৰে, যেনেঃ চাহাবী কায়দা, চাহাবী ঢং
resembling an European
- ছাড়নNoun
এৰণ; ৰক্ষা
the act of escaping; avoidance
- ছাড়্chāṛTransitive verb
এৰ্; দূৰ কৰ্; ত্যাগ কৰ্
to leave; to give up
- ছায়াchāẏāNoun
ছাঁ।
- ছায়া-চিত্ৰchāẏā-citraNoun
চিনেমাৰ ছবি।
- ছায়া-ভাওনাNoun
মানুহ ভাবৰীয়া নহৈ কোনো বস্ত্ত বা ভাওনাব পাত্ৰবিলাকৰ আকৱতি আৰু কাৰ্য্যত ছাঁবোৰ কাপোৰত পেলাই অভিনয় কৰি দেখুওবা কাৰ্য্য
bioscope