কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উজাইu.jaiAdverb
নৈৰ পানীৰ সোঁতৰ বিপৰীতে; নদীৰ উৎসৰ ফাললৈ৷
in the opposite direction to the way water flows in a river; against the current; towards the source (of a river)
- উজাই যাu.jai jaVerb-Intran.
সোঁতৰ বিপৰীত বা ওপৰ ফাললৈ যা
to go upstream
- উজাগৰujāgaraNoun
ৰাতি টৌপনি নোহোবাকৈ থকা অবস্হা; সাৰ পাই থকা অবস্হা
wakefulness
- উজাগৰীu.ja.go.riProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- উজাগৰে থাক্u.ja.go.re thakVerb-Trans.
টোপনি নোযোৱাকৈ সাৰে থাক্।
to remain without sleep.
- উজাণ্টিujāṇṭiNoun
ভৰিত পিন্ধা অলঙ্কাৰ; যেনে-"চপ্পাৰ পাকৰি সম আঙ্গুলিৰ পান্তি। উজণ্টি-উজ্জ্বল নথমণি কৰে কান্তি" (মা. ক. অৰণ্যকাণ্ড)।
- উজানujānaNoun
(বাৰিষাৰ ন-পানী পাই বহুত গোট খাই) উজাই অহা কাৰ্য্য (মাছ)
act of coming out in a shoal as fish
- উজান পৰ্
বহুত পৰিমাণে আহ্ বা উৎপত্তি হ।
to come into existence in abundance
- উজান মাৰ্
উজান পৰা বা ন-পানীত উজাই অহা মাছ ধৰ্
to catch fish coming out in shoals
- উজান-কোবাAdjective
বাঢ়নী পানীত বলেৰে বা বেগেৰে উজাই যোবা (মাছ)।
- উজালujālaNoun
উচাল; অলপ ওপৰলৈ দঙা কাৰ্য্য
raising up
- উজাল্u.jalVerb-Trans.
ওপৰলৈ ডাঙি ধৰ্।
to lift upwards.
- উজাৰujāraAdjective
উচ্ছন্ন; নষ্ট; ধ্বংস কৰা; যেনে-"উদঙীয়া গৰুবে ৰৰ- বাৰী উজাৰ কৰিলে"
ruined; desolate
- উজাৰ খাujāra, khā
ভয় খা; চঁক খা; যেনে-"উজাৰ খাই মৌ-বাহ উৰি গ'ল"
to stir; to be startled or disturbed
- উজাৰ খুবা
to stir; to rouse
- উজাৰ খোবাAdjective
roused; startled
- উজাৰ-পিজাৰujāra-pijāraNoun
জোঁকাৰ-পোকাৰ; অস্হিৰভাবে থকা; যেনে -"ল'ৰাই কোলাত উজাৰ-পিজাৰ লগাইছে"
restlessness
- উজাৰজাৰ্
যত পাৰি গুপ্ত কথা প্ৰকাশ কৰ্
to expose one's secrets
- উজাৰ্ujār
জিলিক্; যেনে-"নব ঘন খণ্ড জৈচে বিজুলী উঝাৰ" (বৰগীত)।
- উজিৰu.jirCommon Noun
চৰকাৰী বিভাগৰ মুৰব্বী।
Head of a Government department.