কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যাঃjahInterjection
অবিশ্বাস, অসন্তুতি অধৰ্য্য আদি ভাৱ প্ৰকাশ কৰিবলৈ কৰা শব্দ।
sound used to express impatience, contempt, disbelief, etc.
- যাউতাyāutāNoun
যোগাওঁতা; গৱহস্হৰ ঘৰত আহি বস্ত্ত-বাহানি বেচা বেপাৰী
one who supplies articles to a family; a hawker
- যাউতিযুগীয়াyāutiyugīẏāAdjective
বহুকাললৈ থকা; যুগমীয়া
very durable
- যাওঁতাyāom̐tāNoun
যি ৰায়
one who goes
- যাওঁলেyāom̐leAdverb
যুগলে; দুটা হাত একেলগে কৰি; যেনে -"সন্ধুকি যে শেন গোটে উঠি। মাৰিলে কৱষ্ণক যাওঁলে মুঠি" (কীৰ্ত্তন)।
- যাওনyāonaNoun
যোবা কাৰ্য্য।
- যাকjakPronoun
উল্লেখিত ব্যক্তি বিশেষক
to the person specified
- যাক-তাকyāka-tākaNoun
যেই সেই মানুহক
to anyone
- যাকে-তাকেja.ke-ta.kePronoun
যিকোনো ব্যক্তিক
to anyone or anybody
- যাকেৰিyākeriPronoun
যাৰ।
- যাকোyākoPronoun
যাৰ।
- যাকৰyākaraPronoun
যাৰ।
- যাগyāgaNoun
যজ্ঞ ; হোম; আহুতি দিয়া পূজা
a sacrifice; a ceremony where oblations are offered
- যাগ দি
কল পকাবলৈ বা মহ খেদাবলৈ ধোঁবা দি
to fumigate
- যাগলja.golMaterial Noun
পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি
a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes
- যাচকNoun
প্ৰাৰ্থক; মগনিয়াৰ; যেনে-"যদ্যপি যাচক মোৰ ঘৰে। যাচ্ঞা কৰে অতি দীৰ্ঘ স্বৰে" (শান্তিপৰ্ব্ব)
a beggar
- যাচা-গুৰাyācā-gurāNoun
মৰা বাপেক-মাক কাৰণে ব্ৰত কৰি থকা মানুহক কুটুম্বে যাচি দিয়া কেঁচা পিঠাগুৰি
rice-powder offered to one mourning for a dead father or mother
- যাচ্yācTransitive verb
খোজ্; প্ৰাৰ্থনা কৰ্
- যাচ্ঞাyācñāNoun
খোজন; ভিক্ষা কৰা কাৰ্য্য; মাগন
the act of begging or soliciting
- যাচ্নাyācnāNoun
খোজন; ভিক্ষা কৰা কাৰ্য্য; মাগন
the act of begging or soliciting