কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একাত্ম হVerb-Intran.
আনেৰে সৈতে মিলা-প্ৰীতি কৰি থাক্ বা আনৰ লগত মিলি যা
to bring into conformity with the customs, attitudes, etc., of a group, nation, or the like
- একাত্মতাe.kat.mo.taAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- একাত্মবোধek.at.mo.bodhAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- একাত্মাekātmāNoun
অতি আত্মীয়
very intimate
- একাদশekādaśa
বি . দহ আৰু এক ; এঘাব
eleventh
- একাদশ ৰুদ্ৰekādaśa, rudraNoun
ব্ৰহ্মাৰ ক্ৰোধৰপৰা ওপজা ৰুদ্ৰৰ এঘাৰ স্বৰূপ বা নাম।
- একাদশত গুৰু, একাদশত বৱহস্পতিekādaśata, guru, ekādaśata, bawahaspati
ৰাশিচক্ৰত নিজৰ ৰাশিৰপৰা একাদশ ঘৰত বৱহস্পতি গ্ৰহ থকা; ভাগ্য সুপ্ৰসন্ন হোবা; যেনে-"কিন্ত্ত মোৰ যোগ্য আজি নাহিক সাৰথি। কৌৰবৰ ভাগ্যে একাদশে বৱহস্পতি" (বিৰাটপৰ্ব্ব)।
- একাদশীekādaśīNoun
জোন ওলোবাৰ বা মৰিবৰপৰা এঘাৰ সংখ্যাৰ দিন
the eleventh day of a lunar fortnight (dark or bright)
- একাদিক্ৰমProper Adj.
ক্ৰমান্বয়ে এটাৰ পাছত আনটো
corresponding one to one
- একাদিক্ৰমেekādikrameAdverb
একৰপৰা আৰম্ভ কৰি ক্ৰমান্বয়ে; যেনে -"একৰ পাছত দুই, দুইৰ পাছত তিনি" ইত্যাদি
consecutively; in regular series
- একাদোবাekādobāAdjective
আগৰ কথা বা শব্দ পাছলৈ আৰু পাছৰ কথা বা শব্দ আগলৈ নিবৰ কাৰণে লিখাত "
- একাদোৱাVerbal Noun
লেখাত আগৰ কথা পাচলৈ আৰু পাচৰ কথা আগলৈ নিবৰ কাৰণে `২`,`১` এইৰূপে চিন লগোৱা
marked words with figures to indicate their proper order in the writing
- একাধাৰেekādhāreIndeclinable
ক্ৰমে; এপিনৰপৰা; একেলগে।
- একাধিকekādhikaAdjective
একতকৈ বেছি
more than one
- একাধিকবাৰProper Adj.
more than once
- একাধিকাৰAbstract Noun
a market in which there are many buyers but only one seller. Thus, the seller obtains exclusive control of a commodity or service in the market, or a control that makes possible the manipulation of prices
- একাধিপতিeka.dhi.po.tiCommon Noun
সকলো ক্ষমতা নিজৰ অধীনত ৰখা অনিৰ্বাচিত সৰ্বময় কৰ্ত্তা
Unelected omnipotent ruler who exercises absolute control
- একাধিপত্যekādhipatyaNoun
এজনে সকলোৰে ওপৰত অধিপতি বা গৰাকী হোবা অবস্হা
state of being in supreme power
- একানংশProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- একানব্বৈNoun
এক আৰু নব্বৈ; এক অধিক নব্বৈ
ninety-one