কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢোকḍhoka
বি একেবাৰতে বা শোহাতে গিলা পনীয়া বস্ত্ত
a draught of liquid
- ঢোক গিল্dhok gilVerb-Intran.
জুলীয়া পদাৰ্থ বা লালটি মুখ-গহ্বৰৰ পৰা খাদ্যনলীৰে ভিতৰলৈ নিয়া
to swallow a quantity of a liquid or saliva
- ঢোকাḍhokā
বি একেবাৰতে বা শোহাতে গিলা পনীয়া বস্ত্ত
a draught of liquid
- ঢোকা-ঢোকেVerb; Noun
বহুত ঢোকা কৰি; এঢোকাৰ পাছত এঢোকাকৈ
draught after draught
- ঢোকা-পৰ্ব্বতḍhokā-parbbataNoun
ওখ পৰ্ব্বতৰ ওচৰত থকা সৰু, চাপৰ পৰ্ব্বত
a small and low hill on the side of a higher one
- ঢোকাঢোকে পোনী খাVerb-Trans.
পিয়াহত বা আঁতুৰত প্ৰয়োজনতকৈ অধিক পানী খা
to drink more than enough water due to thirst or downing
- ঢোকোৰাই, ঢকোৰ্ কৰেAdverb
ঢোকোৰ শব্দ কৰি
producing a sound like that of swallowing a liquid
- ঢোকোৰ্ḍhokorNoun
পনীয়া বস্ত্ত গিলোঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced when swallowing a liquid
- ঢোক্ḍhokTransitive verb
এবাৰ এবাৰকৈ ৰৈ ৰৈ পনীয়া বস্ত্ত গিল্
to swallow or drink draught after draught
- ঢোপḍhopaNoun
গোঁসাই-মহন্তসকলে আশীৰ্ব্বাদ কৰি দিয়া তুলসী আদিৰ মালা
a wreath of sacred leaves given by the Gosains as a blessing
- ঢোপ-খেলḍhopa-khelaNoun
এবিধ খেল [ইয়াত দুফালে দুদল হৈ ঢোপ এটা এদলৰ এজনে ইদললৈ, সেই দৰে অগীয়া-বগীয়াকৈ দলিয়া-দলি কৰে; যি দলে ঢোপটো মাটিত নপৰাকৈ সৰহ বেলি ধৰিব পাৰে সেই দলেই জিকে।]
an outdoor sport
- ঢোপঢুপীয়াḍhopaḍhupīẏāAdjective
ফোঁপোলা বস্ত্তৰ নিচিনা শব্দ ৰুৰা; উখহা; বায়ুৰ দ্বাৰা ওফন্দা (পেট)
swelled; inflated, as the belly
- ঢোপঢোপীয়াdho`p.dho`.pi.yaProper Adj.
চাল অথবা পৃষ্ঠভূমিৰ ভিতৰত বৃদ্ধি হোৱা চাপৰ বাবে বাহিৰলৈ সম্প্ৰসাৰণ হৈ টেমুনাৰ আকৃতি লোৱা ।
To grow larger; to dilate or extend the exterior surface or dimensions, by matter added within, or by expansion of the inclosed substance.
- ঢোপাḍhopāAdjective
পকিবলৈ বা ফুলিবলৈ ধৰি উখহা বা ভিতৰে ফোঁপোবা হোবা
about to open, as a flower; about to ripen, as a fruit
- ঢোপা পৰ্
ফুলিবলৈ ধৰ্
to begin to open, as a flower-bud
- ঢোপা-কলি
ফুলিবলৈ ধৰা ফুলৰ কলি
a flower bud about to open
- ঢোপাকলিdho`.pa.ko.liMaterial Noun
মাটি ফুটি বাহিৰ হোৱা শকত-ডাঙৰ গাঁজ বা গঁজালি
a large and stout sprout coming out of the ground
- ঢোপাচালিḍhopācāliNoun
আকাশত মেঘ হ'লে হোবা আন্ধাৰ; মেঘৰপৰা হোবা আন্ধাৰ
darkness caused by cloud
- ঢোপাৰড়ḍhopāraṛaNoun
স্বৰ্ণ-ৰড়।
- ঢোপোকাḍhopokāAdjective
ঢোপৰ নিচিনা কোমল আৰু সোপোকা
fat; fleshy; soft