কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংবৃত্তিxong.brit.tiAbstract Noun
জীৱিত অৱস্থা প্ৰাপ্ত হোৱা।
the event of coming to life.
- সংবেদxong.bedAbstract Noun
শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।
any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused.
- সংবেদকxong.be.dokMaterial Noun
উষ্ণতা, চাপ আদিৰ পৰিৱৰ্ত্তন সূক্ষভাৱে পৰ্য্যবেক্ষণ কৰিবলৈ সাজি উলিওৱা এক প্ৰকাৰ যান্ত্ৰিক সঁজুলি
an instrument designed to continuosly measure or sense some parameter like temperature, pressure etc
- সংবেদনxong.be.donAbstract Noun
ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা শাৰীৰিক চেতনা
Feeling in one's body, perceived through sensory organs
- সংবেদনশীলxong.be.don.xilProper Adj.
বাহিৰৰ সংকেত বা প্ৰভাৱৰ প্ৰতি তত্কালে প্ৰতিক্ৰিয়া কৰা
acutely responsive to external stimuli or impressions
- সংবেদনশীলতাxong.be.don.xi.lo.taAbstract Noun
কলা, সাহিত্য আদি বুজিপাব আৰু উপভোগ কৰিব পৰা মানসিক সক্ষমতা; ভাল-বেয়া বিচাৰ কৰিব পৰা অনুভূতিসম্পন্ন; ভাল ৰুচি থকা।
the ability to experience and understand deeper feelings in art, literature etc.; a developed awarness of what is good; in good taste.
- সংবেদনশূন্যতাxong.be.don.suny.taAbstract Noun
আনৰ আবেগ অনুভৱক অনুভৱ কৰিব নোৱাৰা অৱস্থা ৷
The state or quality of being insensible.
- সংবেদনহীনxong,be.don.hinProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.
- সংবেদীxong.be.diVerbal Adj.
ইন্দ্ৰিয় বা সংবেদন ক্ষমতাৰ সৈতে জড়িত
of or relating to the senses or the power of sensation
- সংবেদীকৰণVerbal Noun
কোনো জীৱক যিকোনো বাহ্যিক দ্ৰৱ্যৰ প্ৰতি সংবেদনশীল কৰি তোলা কাৰ্য্য বা প্ৰক্ৰিয়া
the action or process of making an organism sensitive to a foreign substance
- সংবেদ্যxong.be.dyoProper Adj.
মানসিকভাৱে সহজে আঘাত পাব পৰা
Susceptible to get easily offended or hurt mentally
- সংবৰ্গCommon Noun
কোনো সংগঠনৰ মুখ্য গোট স্থাপন বা আনক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে বিশেষ প্ৰশিক্ষণ দি প্ৰস্তুত কৰা ব্যক্তিৰ এক নিৰ্বাচিত দল
a selected group of people specially trained to form the nucleus of an organization and to train others
- সংমণ্ডলxong.mon.dolMaterial Noun
প্ৰশাসন বা কৰ আদায়ৰ সুবিধাৰ্থে ভাগ কৰা এটা ভৌগোলীক অঞ্চল
one part of an area divided for administrative or tax collection purposes.
- সংমিশ্ৰsammiśraNoun
ভালদৰে মিহলোবা।
- সংমিশ্ৰণsammiśraṇaNoun
ভালদৰে মিহলোবা।
- সংমিশ্ৰণ কৰxong.mis.ron korVerb-Trans.
এটা (বস্তু, মৌল বা পদাৰ্থ আদি)ক এক সংগ্ৰহ বা সমূহৰ সৈতে যোগ কৰি সম্পূৰ্ণকৈ মিলা
to add one (substances, elements, things, etc.) into one mass, collection, or assemblage, generally with a thorough blending of the constituents.
- সংমিশ্ৰিতProper Adj.
(obtained/gained from) adding/mixing/coupling two or more independent items.
- সংমোদনxong.mo`.donAbstract Noun
আনে কৰা বা প্ৰস্তাৱ কৰা কামৰ প্ৰতি সহমত
compliance in or approval of what is done or proposed by another
- সংযতsaṃyataAdjective
দমন কৰা; বশীভূত কৰা; নিয়মিত (ইন্দ্ৰিয়; ভাষা)
regulated; gubdued
- সংযত কৰ্xong.jot korVerb-Intran.
কিবা কৰাৰ পৰা আঁতৰাই ৰাখ্ বা আঁতৰি থাক্
to restrain someone from doing something