কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মছলুমেmachalumeAdverb
তেনেই; অলপো; সমূলি; নিচেই
totally; entirely
- মছুবাmachubāAdjective
মাছ-সম্বন্ধীয়; মাছ ব্যবহাৰ কৰা; যেনে-"মছুবা চৰু"
relating to fish; having connection with fish
- মছুৱাmo.su.waProper Adj.
মাছ-সম্বন্ধীয় বা মাছ থ’বলৈ ব্যৱহাৰ কৰা
related to fish or used for keeping fish
- মছ্গুলmachgulaAdjective
মুগ্ধ; তন্ময়; আপোন-পাহৰা
absorbed
- মজ`ইলাProper Adj.
দুই পৰিমাণ বা মাত্ৰাৰ মাজত হোৱা বা অৱস্থান কৰা।
Occurring or being between two degrees, amounts, or quantities.
- মজদুৰmajaduraNoun
শ্ৰমিক; শ্ৰমজীবী; মজুৰি লৈ কাম কৰা মানুহ
a labourer
- মজপুৎProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- মজবুতmajabutaAdjective
দৱঢ়; শকত
firm; strong
- মজলিচmoj.lisAbstract Noun
কোনো এক সামূহিক উদ্দেশ্য আগত ৰাখি একেলগ হোৱা মানুহৰ সমাৱেশ ৷
A group of persons gathered together for a common reason, as for a legislative, religious, educational, or social purpose.
- মজলিছmajalichaNoun
সভা
a meeting; an assembly
- মজলীয়াmajalīẏāAdjective
মধ্যমীয়া; বৰ ডাঙৰ বা সৰু নোহোবা
of middle size
- মজাmajāNoun
মজ্জা; কোনো বস্ত্তৰ ভিতৰৰ সাৰভাগ; শাহ
the pith; a corn or inner part of anything; the kernel of fruit etc
- মজা কৰ্mo.ja korVerb-Intran.
কোনো ঘটনা দেখি-শুনি আমেজ ল
Experience or take the pleasure in
- মজা-মজিmajā-majiAdjective
এবাৰ হোবা এবাৰ নোহোবা; মাজে সময়ে হোবা; সদায় হৈ নথকা
occurring now and then; occasional
- মজাইকmo.jaikMaterial Noun
নানাৰঙী টুকুৰাৰে নিৰ্মিত ডিজাইন বা ৰূপাঙ্কণ অথবা চিত্ৰ। বিভিন্ন ধৰণৰ অংশেৰে গঠিত যিকোনো বস্তু।
a picture or design made with small coloured pieces or something consisting of a variety of components.
- মজাঠিmajāṭhiNoun
ৰঙা বৰণৰ এবিধ লতা [তাৰ ৰসেৰে মানুহে বস্ত্তত ৰঙা ৰং দিয়ে; ই ঔষধতো ব্যবহাৰ হয়।]
the Indian madder
- মজাঠি-বুলীয়াAdjective
মজাঠিৰ বৰণৰ; ৰঙা
dyed with Indian madder; red
- মজামজিকৈmo.ja.mo.ji.koiAdverb
হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |
Now and then or here and there.
- মজাৰলিmajāraliNoun
ক'লা কিন্ত্ত অলপ ৰঙচুবা বৰণৰ এবিধ পৰুবা
a kind of venomous ant
- মজিন্দাৰmajindāraNoun
ৰজা ঘৰৰ হিছাপ-পত্ৰ ৰখা আৰু ৰজাৰ হুকুমমতে আন দেশৰ ৰজালৈ চিঠি লিখা আৰু দেশৰপৰা অহা কাকত-পত্ৰ ৰজাক মাতি শুনোবা এজন বিষয়া
a private secretary to a king or the viceroy