কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পচন্দpacandaNoun
মনত লগা; মন খোবা
to one's taste or liking; choice
- পচন্দ কৰ্
বাছি ল
to select
- পচমpacamaNoun
উল সূতা
wool
- পচমীAdjective
পচমেৰে তৈয়াৰ কৰা।
- পচলাpacalāNoun
সিজাই খাবৰ উপযুক্ত কোমল সৰু কল-পুলিৰ অংশ
a young shoot of the plantain tree used for curry
- পচলা কটা দি
নিচেই সৰু সৰুকৈ কাট্
to cut to pieces
- পচাpacāTransitive verb
গেলা; জহ দিয়া; ৰ'দ-বৰষুণত, পেলাই জীৰ্ণ বা কোমল কৰ্
to cause to rot or decay
- পচা দি
তাঁতত তাহোন দি।
- পচাৰpacāraNoun
চকুৰ পিৰঠি পেলোবা কাৰ্য্য; চকু অলপকৈ মেলি আকৌ জপোবা কাৰ্য্য
the winking of the eye
- পচাৰত কথা কpacārata, kathā, ka
ঢকুৰ টিপত কথা বুজা
to express thoughts by the winking of the eye
- পচাৰতেpo.sa.ro.teAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- পচাৰ্po.sarVerbal Noun
অলপকৈ চকু মেলি আকৌ জপোৱা কাৰ্য্য
A reflex that closes and opens the eyes rapidly
- পচোৱা বতাহpo.so`.wa bo.tahAbstract Noun
ফাগুন মাহত বলা বতাহ
a kind of wind which is blown in the month of February March
- পচ্pacIntransitive verb
গেল্; জহ্; পুৰণি হৈ কোমল হ
to rot; to decay
- পচৰাpo.so.raMaterial Noun
এদোৰোলীয়া পাতল গাত লোৱা উকা বা ফুল দিয়া কাপোৰ৷
A thin cloth wrapped round the body or over the shoulders.
- পচৰোবাAdjective
winking
- পছন্দpachandaNoun
মনত লগা; মন খোবা
to one's taste or liking; choice
- পছমpachamaNoun
উল সূতা
wool
- পছম-বনpo.som-bonProper Noun
অধিক পদুম ফুল থকা ঠাই ৷
a place full of lotuses.
- পছম-লতাpo.som-lo.taCommon Noun
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.