কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নথিভুক্তিnathibhuktiNoun
কোনো বিষয়ৰ কাকতৰ টোপোলাৰ লগত থোবা কাৰ্য্য
filing
- নথিভূক্ত কৰ্no’.thi.bhuk.to.korVerb-Trans.
কাগজৰ ফাইল বা বৈদ্যুতিন যতনত লিখিত ৰূপত সাঁচি থ
To record by writing in a storage device like paper file, electronic device.
- নথিৰক্ষকnathirakṣakaNoun
বিভিন্ন বিষয়সংক্ৰান্ত কাকতবোৰ বিভিন্ন টোপোলাত ৰখা লোক
file-keeper
- নথীভূক্তno.thi.bhuk.toProper Adj.
লিখিত ৰূপত ভবিষ্যতৰ বাবে সাঁচি থোৱা।
stored in writing in a document for future reference.
- নথৈnathaiAdverb
ঠাই নোহোবাকৈ; বাকী নৰখাকৈ; অতিশয়ৰূপে
without leaving anything undone; excessively
- নথৈ ভকতি কৰ্
বৰকৈ খাটনি ধৰ্; বৰকৈ মিনতি কৰ্
to make earnest entreaty
- নদnadaNoun
ডাঙৰ নৈ
a big river
- নদ-নদীCommon Noun
সৰু-বৰ সকলো নদী একেলগে
rivers and tributaries
- নদন-বদনnadana-badanaAdjective
চাৰিওফালে ভৰপূৰ; অপৰিমিত; অনাটন নোহোবা (ধন বস্ত্তত)
abundant; unlimited
- নদনবদনno.don.bo.donProper Adj.
প্ৰয়োজনতকৈও অধিক উপলভ্য৷
present or available much more than what is needed
- নদা-বামিnadā-bāmiNoun
মাগুৰ বৰণেৰে এহাতমান দীঘল, কাণ দুখন অলপ ওলোবা এবিধ বামি মাছ
a kind of eel
- নদাই ভদাইno.dai bho.daiCommon Noun
এখন সমাজ বা এটা সম্প্ৰদায়ৰ সাধাৰণ মানুহবিলাক।
ordinary people in general of a society or community.
- নদীnadīNoun
নৈ
a river
- নদী-যানnadī-yānaNoun
নৈত চলাচল কৰা যান
river- craft
- নদীকান্তno.di.kan.toMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- নদীদ্বীপno.di.dipMaterial Noun
নদীৰ বুকুত বৈ অহা বোকা, বালি, শিলেৰে গঠিত দ্বীপ
an island formed on a river by deposited sediments
- নদীবান্ধMaterial Noun
পানী বন্ধ ৰাখিবলৈ দিয়া ঢাপ
A long artificial mound of stone or earth; built to hold back water or to support a road or as protection.
- নদীমাতৃকno.di.ma.trikProper Adj.
নদীৰ পানীয়ে সাৰুৱা কৰি তোলা, যেনেঃ অসম এখন নদীমাতৃক ৰাজ্য ৷
made fertile by the flowing rivers
- নদীমাতৱকnadīmātawakaAdjective
নৈৰ পানীৰ দ্বাৰা উৰ্ব্বৰা বা সাৰুবা হোবা (দেশ)
fertilised by the waters of rivers
- নদীমুখno.di.mukhAbstract Noun
সাগৰত লগ-লগাৰ সময়ত নদীৰ বহল মুখ
Wide tidal river mouth, where a river meets a sea