কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থুলমুলকৈthul.mul.koiAdverb
চুটিকৈ বা মাথোঁ কেইটামান শব্দত (লিখা বা কোৱা)
In short or few words (write or tell sth)
- থুহথুহীয়াthuhathuhīẏāAdjective
অলপতে ভগা; অলপকৈ মোহাৰিলেই বা হেঁচিলেই ভগা বা ছিগা
brittle
- থুৎকুৰিthut.ku.riAbstract Noun
The act of forcibly ejecting saliva or other substances from the mouth
- থুৰিthu.riMaterial Noun
মেৰ খাই থকা কোমল পাত, অৰ্থাত্ মুকলি নোহোৱা পাত।
a budding leaf.
- থুৰি বা
থাউনি নোপোবা পানীত সাঁতুৰি সাঁতুৰি ভৰিৰে পল বা
to catch fish with a pala swimming in deep water
- থুৰি-পল দNoun
পানীত ভৰিৰে বোবা এবিধ দীঘলীয়া পল।
- থুৰিয়াthuriẏāTransitive verb
ভিতৰত কটা তামোল আদি ভৰাই পাণৰ থুৰি সাজ্
to roll up a betel-leaf with betelnut, lime, etc., placed inside
- থুৰিয়া তামোলthu.ri.ya ta.mo’lMaterial Noun
ভকতক দিবৰ কাৰণে ভিতৰত তামোল সুমুৱাই পাণেৰে মেৰিওৱা তামোল-পাণ ৷
betel-nut wrapped in beter-leaves offered to 'bhokot' or Vaishanvite devotees.
- থুৰিয়া-তামোলNoun
পাণৰ থুৰিত ভৰাই খাবলৈ যুগুত কৰা কটা তামোল।
- থুৰীয়াthurīẏāNoun
তিৰোতাৰ কাণত পিন্ধা গোটা, দীঘলীয়া অলঙ্কাৰ
a kind of ear ornament
- থুৰীয়া ধৰ্
পোবালি মৰা ম'হৰ গাখীৰ ওলোবাকৈ ৰাখ্
to cause a buffalo which has lost her young to continue to give milk
- থুৰুহিthuruhiNoun
অতি অলপ কাল; মুহূৰ্ত্ত
a moment
- থুৰ্থূৰীয়াthurthūrīẏāAdjective
আথৰ; বৰ বুঢ়া; দুৰ্ব্বলতাৰ কাৰণে হাত-ভৰি কঁপা
decrepit; having the limbs shaking owing to infirmity or old age
- থুৱাthu.waVerb-Intran.
মুখৰ পৰা থু বা লালটি জোৰে বাহিৰলৈ প্ৰক্ষেপ কৰ্।
to throw away saliva with force like a jet from the mouth.
- থূনুপাকthūnupākaNoun
চোঁচনী-জৰী টানি মেলিব আৰু বন্ধ কৰিব পৰা সৰু মোনা
a purse
- থূপthūpaNoun
একেলগে হোবা বহুত বস্ত্ত; দ'ম; সমূহ
a collection; a multitude; a heap
- থূপ খা
একেলগ হ; গোট খা; জুম পাৎ
to be collected or assembled together
- থূপ খুৱাthup khu.waVerb-Trans.
একে ঠাইত জমা হোৱা
To fold or organize something in order to be safely stored
- থূপাTransitive verb
একে ঠাইতে দ'ম কৰ্; দ'মা; দ'লা
to collect together; to heap; to pile up
- থূপাthūpāNoun
জুই লগাই মহ খেদাবলৈ জলোবা যাগ
a heap of straw, etc., for fuming or causing a smouldering fire to keep off mosquitoes