কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লংকেশ্বৰlong.ke.sworProper Noun
ৰামায়নত থকা লংকাৰ এজন ৰাক্ষসৰ ৰজা৷ দহটা মূৰ আৰু বিশখন হাত আছিল আৰু সীতাক অপহৰণ কৰাৰ বাবে ৰামচন্দ্ৰৰ হাতত মৃত্যু হয়৷
Ravana was ten-headed, twenty-armed mythical king of ancient Sri Lanka. with great supernatural power, who is said to have ruled Lanka about 6000 years ago. He plays a major role in Hindu mythology, especially in the Ramayana, where he is mainly depicted negatively as a brute, and most infamously as having kidnapped Rama's wife Sita and being killed by her husband.
- লংঘনlang.ghanAbstract Noun
কিহবাৰ প্ৰতি সন্মান বা বিবেচনাৰ অভাৱ
lack of consideration or respect for something
- লংফোলিয়াCommon Noun
a tall erect herb or small shrub used as vegetable.
- লওঁতাlo.o`~.taCommon Noun
গ্রহণ কৰোঁতা
a person who receives something
- লকচা, লকচা বনlakacā, lakacā, banaNoun
দ মাটিত গজা এবিধ সৰু আৰু গাত সিৰ থকা ঘাঁহ
a species of small rush
- লকচিlakaciNoun
লেকেচি; কুমলীয়া লাহী দীঘল বাঁহ বা তাৰ এছাৰি
a thin long bamboo pole or switch
- লকডাউনAbstract Noun
সুৰক্ষাজনিত কাৰণত কোনো অঞ্চল বা ঘৰৰ পৰা মানুহ ওলোৱা-সোমোৱা বন্ধ কৰি দিয়া কাৰ্য্য৷
a security measure taken to prevent people from leaving or entering a building or other location.
- লকমাlakamāAdjective
ডাঙৰ (ওকণী)
big
- লকাটlakāṭaNoun
দীঘলীয়া আৰু আগলৈ বহল পাতেৰে এবিধ ওখ-ডাঙৰ বিদেশী গছ [বাদাম বা ভোমোৰা গুটিৰ নিচিনা তাৰ গুটি ধৰে।]
the Loquat or Japanese medlar; Eriobotry Japanico
- লকেটlakeṭaNoun
ডিঙিত পিন্ধা হাৰত ওলোমাই লোবা দুগদুগি
locket
- লক্আপlok.apMaterial Noun
ন্যায়সঙ্গতভাৱে ব্যক্তিক আৱদ্ধ কৰি ৰখা স্থান, বিশেষকৈ যিসকল ব্যক্তি স্থানীয়ভাৱে ন্যায়িক বিচাৰাধীন হৈ আছে
A place for the confinement of persons in lawful detention, especially persons awaiting trial under local jurisdiction.
- লক্তlaktaAdjective
লগালগি হৈ থকা; যুক্ত; সংলগ্ন
connected; contiguous
- লক্লকনিNoun
লক্লক্ কৰা কাৰ্য্য
the act of making a sound with the mouth when eating or drinking
- লক্লকাIntransitive verb
অতিশয়ৰূপে খাবলৈ বা পাবলৈ ইচ্ছা কৰ্; বৰকৈ লোভ কৰ্ (জিভা, মন)
to covet intensely
- লক্লকীয়াAdjective
কোনো বস্ত্ত পাবলৈ বা খাবলৈ হেঁপাহ হোবা; বৰকৈ লোভ কৰা
eagerly desirous
- লক্লক্laklakNoun
বৰ হেঁপাহেৰে খাওঁতে বা পিওঁতে হোবা মুখ আৰু জিবাৰ শব্দ
an imitative word used to express the sound of licking food
- লক্লক্ কৰে, লক্লক্ কৰিAdverb
বেগাই আৰু বৰকৈ (বঢ়া বা ডাঙৰ হোবা)
rapidly and greatly
- লক্ষlakṣaNoun
এক লাখ; এক হেজাৰ
one lakh
- লক্ষণlakṣaṇaNoun
চিন; যাৰ দ্বাৰায় কোনো কাৰ্য্য হ'ব বুলি বুজিব পৰা যায়
a sign or symptom
- লক্ষণাlakṣaṇāNoun
শব্দবিলাকৰ পোন অৰ্থতকৈ বেলেগ ভাব বুজোবাক লক্ষণা বোলা যায়; যেনে-গঙ্গাবাসী (গঙ্গাতীৰবাসী); সি বাঘ (বাঘৰ দৰে নিষ্ঠুৰ মানুহ); সেই গছেই নৈ (সেই গছৰ গুৰিত নৈ)
a figure of speech