কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থনথইনাProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- থপথইপাProper Adj.
কম পানী থকা আঞ্জা বাৰ তৰকাৰী
The fat and juices that drip from cooking meat, often thickened, seasoned, flavored, etc., and used as a sauce for meat, potatoes, rice, etc.
- থপথপীয়াthop.tho.piaProper Adj.
তুলনামূলকভাৱে অধিক সান্দ্ৰতা গুণ থকা তৰল পদাৰ্থ|
Having a relatively high resistance to flow.
- থপথপীয়া দৈthop.tho.pia doiMaterial Noun
পানী নোহোৱা, ডাঠ দৈ গাখীৰ
thick, waterless curd
- থপাthapāNoun
হাতৰ তুলুবাৰে মৰা ঢকা; চাপৰ; . (পু. অ.) থপা-মুণ্ডি থাপ্ মাৰি; যেনে-"থপামুণ্ডি দিয়া কাক তন মাজে পৰে" (মা. ক., অযোধ্যাকাণ্ড)।
a slap
- থপিয়াthapiẏāTransitive verb
থাপ মাৰ্; চৰাইৰ দৰে অকস্মাৎ ওপৰৰপৰা আহি নখেৰে চিকুট মাৰি নি; থাপ মাৰ্
to pounce upon
- থপিয়া-থপিtho.pi.ya-tho.piVerbal Noun
এটাৰ পিচত আনটোৱে থপিয়াই ধৰিবলৈ কৰা হেতা-ওপৰা
the act of pouncing upon a thing, one after another
- থপিয়াই ধৰ্tho.pi.yai dhorVerb-Trans.
ততাতৈয়াকৈ আৱদ্ধ কৰ্ বা খামুচি ধৰ্
to capture or restrain hurriedly
- থপ্ থপীয়াthap, thapīẏāAdjective
কোমল আৰু লাগি ধৰি গোট খাই থকা; ঘন বোকাৰ নিচিনা; জুলীয়া নোহোবা
soft and adhering; of the consistency of the mud
- থপৰাই; থপৰ কৰেAdverb
থপৰ্ শব্দ কৰি।
- থপৰিয়াthapariẏāTransitive verb
হাতৰ তলুবাৰে লাহেকৈ আঘাত কৰ্; চপৰিয়া; থলামুৰিয়া
to pat; to strike with the palm of the hand
- থপৰ্thaparNoun
কোনো পাতল গোটা বস্ত্ত মাটি, গছৰ পাত আদিত ওপৰৰপৰা পৰিলে হোবাৰ নিচিনা শব্দ; ঠলৰ্
an imitative word used to express the sound caused by a small thing falling on the earth; a slight thud
- থমকthamakaNoun
গম্ভীৰ গমন; মন্হৰ গতিত গমন-ভঙ্গিমা; যেনে-"অৰুণ চৰণ দুহোঁ ঠমকে চলায়" (বৰগীত)
slow and steady motion; walk with measured steps
- থমক ধৰ্
অসন্তোষ বা অহঙ্কাৰ কৰি ৰৈ থাক্
to cease to proceed, out of displeasure or anger
- থমকা খা
বাঘা- বাঘিনি দেখি আক নবঢ়াকৈ থাক্
to stop from fear or obstruction
- থমকা মাৰ্
থমক ধৰ্; আগ নবঢ়াকৈ থাক্; . "ঠমক" চোবাঁ।
to stop; to cease to advance
- থমকি ৰtho.mo.ki roVerb-Intran.
মাজ বাটতে অস্থায়ীভাৱে ৰৈ দে
to stop temporarilly on the way
- থমছন বিচ্ছুৰণNoun
থমছন বিচ্ছুৰণ
থমছন বিচ্ছুৰণ
- থমা-দৈthamā-daiNoun
বৰ ঘন নিপানী দৈ গাখীৰ; থপ্থপীয়া দৈ
solid waterless curd
- থম্ থম্ কৰেtham, tham, kareAdverb
স্হিৰভাবে
steadily; gravely