কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জঁট লাগjo~t lagVerb-Trans.
কেইবাটাও বস্তু, বিশেষকৈ সূতাৰ দৰে লাহী, দীঘলীয়া, একেলগে বান্ধ খা।
to be entangled, esp. said of things like a long thread.
- জঁট লাগ্
আউল লাগ্; আউল হৈ গাঁঠি লাগ্
to be tangled
- জঁট-মৰিচাNoun
এবিধ মৰিচা।
- জঁটকীয়াjam̐ṭakīẏāNoun
জোঁট লগা
entangled
- জঁটলাAdjective
আউল লগা; জঁট লগা
tangled
- জঁটীয়াjo~.ti.yaVerbal Adj.
চুলি আদি আউল বা গাঁঠি লগা৷
tangled, intertwined or matted roots.
- জঁটীয়া জঁটAdjective
জঁট লগা; আউল লগা
tangled
- জঁট্jam̐ṭTransitive verb
লগ লগাই বান্ধ্
to tie together; to yoke
- জঁপাjo~.paMaterial Noun
সাধাৰণতে আয়তাকাৰ, কাঠ, ধাতু, ডাঠ-বকলা আদিৰে নিৰ্মিত আৰু এখন খোলা-বন্ধ কৰিব পৰা ঢাকনি থকা বস্তু ৰখা পাত্ৰ বা আচবাব।
a container, case, or receptacle, usually rectangular, of wood, metal, cardboard, etc., and often with a lid or removable cover.
- জঁপিয়াjam̐piẏāIntransitive verb
ডেও মাৰ্; জাঁপ মাৰ্
to jump
- জঁপৰাjam̐parāAdjective
নফণিওবা চুলি থকা
having untrimmed or uncombed hair
- জঁপৰা-আলুjam̐parā-āluNoun
এবিধ বনৰীয়া লতা আৰু তাৰ মাটিৰ ভিতৰত বঢ়া আলুৰ নিচিনা মূল
a kind of wild creeper and its esculent root
- জঁবালেjam̐bāleAdverb
একেলগে ধৰি টানকৈ; যেনে-"জাঁবলে দুহাতে হৱদয়ত হানে মুঠি" (দশম)। "দুহাতে জবাঁলে ধাকুৰে হিয়া" (কীৰ্ত্তন)।
- জঁয় পৰ্jo~y porVerb-Intran.
ৰসহীন হৈ হালি পৰা বা শুকাই যোৱা৷
(of a plant) to become weak and begin to bend towards the ground, or (of a person) to become weaker, tired or less confident.
- জং-কংjong-kongAbstract Noun
লালুং-তিৱাসকলৰ কৃষি দেৱতাৰ পূজা
worshipping of the farming (harvesting) god of the lalung-tiwa community of Assam
- জংক-পংকjong.ko-pong.koAbstract Noun
কোনো খেলিমেলি লগা জটিল অৱস্থা ৷
a situation or condition that is complex or confused.
- জংগjong.goAbstract Noun
দেশ বা ৰাষ্ট্ৰৰ মাজত হোৱা সশস্ত্ৰ বিবাদ
an armed conflict between nations or states.
- জংগমjong.gomVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- জংঘলী ইন্দ্ৰায়নjong.gho.li in.dra.yonCommon Noun
তিঞহ জাতিৰ এবিধ গুটি ৷ ই দেখাত প্ৰায়ে কণীটোৰ আকৃতিৰ আৰু গাত বগা আঁক টনা আছে ৷
A oval shaped wild cucurbitaceous fruit and its plant .
- জংঘলী হালধীjong.gho.li ha.lo.dhiCommon Noun
A plant used in Chinese medicine.