কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খং সাৰ্
গালি-শপনি পাৰি খং মাৰ নিয়া
to get rid of anger by chiding someone
- খং-মুবাAdjective
খং-যুক্ত বা খঙাল মুখ যাৰ; অসন্তোষ-প্ৰকাশক মুখ যাৰ
angry look; displeased appearance
- খং-ৰাগkhong-ragAbstract Noun
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি
A strong feeling of displeasure or hostility.
- খংৰংMaterial Noun
টাই-বৌদ্ধ সকলৰ এবিধ বাদ্য
a musical instrument of the Tai-Buddhist in Assam.
- খকkhokAbstract Noun
ইন্দ্ৰিয়ক সুখ দিয়া বস্তু পাবৰ বাবে হোৱা প্ৰবল ইচ্ছা; প্ৰয়োজনতকৈ অধিক বস্তুৰ বাবে হোৱা ইচ্ছা|
Excessive desire to acquire or possess more (especially more material wealth) than one needs or deserves.
- খকজাkhakajāNoun
অনভ্যাসৰ কাৰণে থকা কওঁতে বা পঢ়োঁতে স্পষ্টকৈ বা সহজে নোলোবা; পঢ়োঁতে বা মাতোঁতে কৰা থকা-থৈয়া
a pause, or hesitation felt in reading or speaking owing to want of practice
- খকনkho.konCommon Noun
পূব হিমালয় আৰু উত্তৰ পূব ভাৰতত পোৱা সুকাঠী গছ৷
A tall deciduous fast growing tree, indigenous to the Eastern Himalayas. So it is found in the NE states of India. The genus name Duabanga was coined by Francis Hamilton from the vernacular name in Tripura, Duyabangga.
- খকন কাঠkho.kon kathCommon Noun
পূব হিমালয় আৰু উত্তৰ পূব ভাৰতত পোৱা সুকাঠী গছ৷
A tall deciduous fast growing tree, indigenous to the Eastern Himalayas. So it is found in the NE states of India. The genus name Duabanga was coined by Francis Hamilton from the vernacular name in Tripura, Duyabangga.
- খকন গছkho.kon gosCommon Noun
পূব হিমালয় আৰু উত্তৰ পূব ভাৰতত পোৱা সুকাঠী গছ৷
A tall deciduous fast growing tree, indigenous to the Eastern Himalayas. So it is found in the NE states of India. The genus name Duabanga was coined by Francis Hamilton from the vernacular name in Tripura, Duyabangga.
- খকন্দkhakandaNoun
দন্দ; খৰিয়াল; পৰিয়ালৰ মাজত হোবা বিবাদ
a quarrel, especially a family quarrel
- খকা-খুন্দাkho.ka-khun.daAbstract Noun
ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
A state or act of enmity for political, economic, or social reasons usually without physical violence.
- খকা-মকাkhakā-makāNoun
লৰা-লৰিত হোবা বিশৱঙ্খলা বা ভ্ৰম
confusion caused by hurry
- খকাখুন্দাkhakākhundāNoun
উখনা-উখনি; কথাৰ বিবাদ বা খৰিয়াল; বাচ্যা-বাচ্যি; দন্দ্
altercation; exchange of angry words
- খকাৰkhakāraNoun
খ-আখৰ; খ।
the letter
- খকুৱাkho.kuaProper Adj.
ভোকৰ পৰা দুখ পোৱা
Having a desire, craving or need for food; feeling hunger, oppressed by hunger.
- খক্ খক্khak, khakNoun
অলপকৈ কহা বা গল্-হেকাৰি মৰাৰ শব্দ
an imitative word used to express the sound produced by hawking
- খক্খকাIntransitive verb; Noun
খক্খকনি খক্ খক্ কৰা কাৰ্য্য; ক্ৰি. বিণ. খক্ খক্ কৰে, খক্ খক্কৈ খঁকুবাৰ দৰে
greedily
- খক্মককৈAdverb
লৰালৰিত আগ-গুৰি হেৰুবাই; খৰ-খেদাত বিতত হৈ।
- খক্মকনিNoun
খক্মক্ কৰা কাৰ্য্য; বিতত বা বিমোৰ হোবা অবস্হা; অক. ধা. খক্মকা লৰালৰিত বিতত হ; কামত খৰ্-ধৰ কৰোঁতে আগ-গুবি হেৰুবা
To be confused by haste; to be at loss due to hurry and bustle
- খক্মক্khakmakNoun
খৰ-খেদা কৰি কাম কৰোঁতে হোবা বিতত বা বিশৱঙ্খলা; লৰা-লৰিত আগ-পাছ নুবুজোবা বা নেদেখা হোবা অবস্হা
an imitative word used to express the confusion created by bustle and hurry