কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওকালটিAbstract Noun
ওকালি বা বাঁতি আহিবৰ সময়ত নাড়ীয়ে লোৱা পাক৷
The uneasy and discomfort sensation of the bowels before or at the time of vomiting.
- ওকালতনামাokālatanāmāNoun
মোকৰ্দ্দমা আদি চলাবলৈ উকীল ধৰি দিয়া পত্ৰ; উকীল নিযুক্ত কৰা কাকত
power of attorney
- ওকালতিokālatiNoun
উকীলৰ কাম; উকীলৰ ব্যবসায়
pleadership
- ওকালতি কৰ্o`.ka.lo.ti korVerb-Intran.
কোনো এটা বিষয়ৰ সপক্ষে বা বিপক্ষে কাৰোবাৰ সন্মুখত যুক্তি দৰ্শোৱা বা মনাবলৈ চেষ্টা কৰা
to use arguments or persuasions, as with a person, for or against something
- ওকালিNoun
বাঁতি আহিৰৰ উপক্ৰম
retching; vomitting tendency
- ওকাল্okālTransitive verb
বঁতিয়াই পেলা; মুখৰপৰা উলিয়াই বা বাজ কৰি পেলা; উকুলিয়া
to eject from the mouth
- ওকাল্o`.kalVerb-Trans.
পাকস্থলীৰ পৰা হজম নোহোৱা খাদ্য ওলোটাই মুখেদি বাহিৰ কৰ।
to eject the contents of the stomach through the mouth.
- ওকাৰokāraNoun
ও আখৰ; ও
the letter
- ওকোলokolaNoun
চিৰা, সান্দহ খুন্দোতে খুঁচৰি দিয়া বাঁহৰ ছলা; ৰোকোনা
a piece of pointed flat split bamboo for turning up fried rice when being pounded
- ওকোল-মোকোলokola-mokolaNoun
খোবা বস্ত্ত পেটলৈ নগৈ ওলাই আহিব খোজা; খাবৰ অনিচ্ছা হোবা
vomitting tendency due to satiety
- ওকোলাokolāNoun
মুখৰপৰা ওকালি বা উলিয়াই পেলোবা বস্ত্ত
anything vomitted or thrown out from the mouth
- ওকোলা-খোবা
এবিধ গালি।
- ওক্okNoun
বমি হোবাৰ শব্দ; বমি হোবাৰ ভাব; ওকালি।
- ওখokhaNoun
উচ্চ বা ওখ ঠাই
a high place
- ওখ মনৰo`.kho mo.norProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- ওখ-চাপৰo`.kho-sa.porProper Adj.
মিহি বা সমান নোহোৱা, মাজে মাজে উখহা ঠাই থকা পৃষ্ঠ।
a unsmooth surface with small bumps on it.
- ওখ-পাখo`.kho-pa.khoProper Adj.
having the correct shape and size
- ওখ-মনাAdjective
ডাঙৰ মনৰ
high-minded
- ওখলokhalaNoun
মলি; গা বা কাপোৰৰ মল
dirt
- ওখুদMaterial Noun
ৰোগ নিৰাময় কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰৱ্য
a substance used to cure diseases