কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মঙ্গলাৰ্থেmong.go.lar.theAdverb
কাৰোবাৰ মঙ্গল বা হিতৰ কাৰণে কৰা ৷
for the benefit of other.
- মঙ্গলেmon.go.leAdverb
আপদ নোহোৱাকৈ, মঙ্গলে থকাকৈ ।
without misfortune, without being harmed, damaged or lost.
- মঙ্গহালmong.go.halProper Adj.
গাত মাংস থকা, অৰ্থাত্ সবল মাংসপেশীৰে পৰিপূৰ্ণ।
having a lots of flesh.
- মঙ্গোলইড্maṅgolaiḍAdjective
পৱথিবীৰ নানা দেশত বাস-কৰা জন- গোষ্ঠী-বিশেষ
the Mongoloid
- মঙ্গোলীয়maṅgolīẏaAdjective
পৱথিবীৰ নানা দেশত বাস-কৰা জন- গোষ্ঠী-বিশেষ
the Mongoloid
- মচmacaNoun
গৰ্ভনাড়ী; যেনে-"যি নাই মচত, সিও ওলায় চিপ্ ৰাঙৰ খোঁচত" (যোজনা)
the womb
- মচকা খাVerb-Intran.
সৰুগাঠি, মণিবন্ধ আদিত পাক খাই হাড় বা জোৰাত দুখ পা |
To overstrain or wrench (the ligaments of an ankle, wrist, or other joint) so as to injure without fracture or dislocation.
- মচগুলmacagulaAdjective
মুগ্ধ; তন্ময়; আপোন-পাহৰা
absorbed
- মচজিদmos.jidProper Noun
মুছলমানসকলৰ সামূহিক প্ৰাৰ্থনা ঘৰ ৷
a Muslim temple or place of public worship.
- মচজিদ্macajidNoun
মুছলমানৰ ঈশ্বৰ- উপাসনা কৰা ঘৰ
a mosque
- মচনNoun
মচা বা লিপা কাৰ্য্য
the act of wiping or plastering
- মচনদmos.nodAbstract Noun
ৰজা, গীৰ্জাৰ পাদুৰি আদিৰ দৰে পদবীৰ আসন৷
the chair of state of a monarch, bishop or any person of high social status
- মচমচকৈ চোবাmos.mos.koi so’.baVerb-Trans.
কিবা খাওঁতে দাঁতেৰে শব্দ কৰি চোবোৱা৷
to crush something noisily with the teeth when eating something
- মচমচনি
মচ্মচ্ কৰা কাৰ্য্য।
- মচমচীয়াmos.mo.si.yaProper Adj.
অতি শুকান (কোনো বস্তু) যিটো হাতেৰে মোহাৰিলে বা ভাঙিলে মচ্-মচ্ শব্দ কৰে।
something very dry that makes "crisp-crisp" sound when rubbed or smashed.
- মচম্মতmacammataAdjective
মুছলমান মহিলাৰ নামৰ আগত লিখা উপাধি।
- মচলাmacalāNoun
বাখৰ; আঞ্জাত বা দৰবত দিয়া সুগন্ধি গুটি, পাত বা গছৰ ছাল আদি
spice
- মচলুমেmos.lu.meAdverb
যিমানবোৰ সম্ভৱ সেই সকলোবোৰ একেলগে|
To a complete degree or to the full or entire extent.
- মচাmacāNoun
"পোৰা-পিঠা" চোবাঁ।
- মচা-কচাmacā-kacāAdjective
সাৰি-মচি পৰিষ্কাৰ কৰা
cleaned and plastered over