কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জটাধৰ্jo.ta.dhorProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- জটামাংসীjaṭāmāṃsīNoun
এবিধ সৰু বনৰীয়া গছৰ সুগন্ধি শিপা
the Indian spikenard; Valeriana Jatamansi (Houghton)
- জটায়ুjaṭāẏuNoun
এবিধ মহা বলবান চৰাই; গৰুড়ৰ সৰু পুতেক আৰু দশৰথ ৰজাৰ মিতিৰ [এওঁ সীতাক হৰি নিওঁতে ৰাবণৰ লগত যুদ্ধ কৰি মৰা যেন হৈ পৰি থাকে আৰু ৰামক দেখি সীতাক হৰি নিয়া বাতৰি দি প্ৰাণ এৰে।]
a gigantic mythical bird
- জটিলjaṭilaAdjective
জোঁট লগা; বেগাই মুকলি কৰিব নোবৰা; সহজে বুজিব নোবৰা; দুৰ্বোধ্য
knotty; complicated; difficult to solve
- জটিল সংখ্যাjo.til xong.khyaAbstract Noun
বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যা- এই দুয়ো ধৰণৰ সংখ্যা যুক্ত হৈ থকা সংখ্যাবোৰেই জটিল সংখ্যা৷
A number containing both a real number and an imaginary number.
- জটিলতাjotilotaAbstract Noun
CONSISTING OF INTERCONNECTED OR INTERWOVEN PARTS
- জটিলতাবিহীনProper Adj.
কোনো জটিলতা নথকা অৰ্থাৎ সৰল
without complexity
- জটিলতাহীনProper Adj.
কোনো জটিলতা নথকা অৰ্থাৎ সৰল
without complexity
- জটিয়া শৰjo.ti.ya xorCommon Noun
ডাঙৰ বেছি শিংযুক্ত এবিধ শৰ পহু ৷
a kind of large deer with large much-branched antlers in the male.
- জটীjaṭīAdjective
জটা থকা; যেনে-"বনবাসী জটী; তপসীক এৰিঃ সীতা দেবী মোক ভজা" (মা. ক., সুন্দৰাকাণ্ড)।
- জটীয়াjaṭīẏāNoun
শিব; সন্ন্যাসী; যেনে-"এখনে জটীয়া দেখোঁ কি বোল বোলয়" (ভীমচৰিত্ৰ)
Śiva; ascetic
- জটোপটোকৈjaṭopaṭokaiAdverb
লৰালৰিকৈ
quickly
- জটৰ-পটৰjo.tor-po.torProper Adj.
মানসিক অস্থিৰতা বা সাজু নোহোৱা অৱস্থাত থকা
being in a tense; unprepared state
- জটৰাইjaṭarāiAdverb
শীঘ্ৰে; যেনে-"তাহাৰ শিৰক কাটিলেক জটৰাই" (বঘাসূৰ-বধ)
quickly
- জঠংমঠংjaṭhammaṭhamAdjective
ব্যবহাৰৰ নীতি নজনা
ignorant of etiquette
- জঠঙাjaṭhaṅāAdjective
ঠৰঙা
stiff
- জঠৰjaṭharaNoun
পেট
the belly
- জঠৰ- যাতনাjaṭhara-, yātanāNoun
গৰ্ভত থাকোঁতে সন্তানে পোবা ক্লেশ
pain endured by the child while in mother's womb
- জঠৰজ্বালাjo.thor.jwa.laAbstract Noun
পাকস্থলীৰ বিজুতিৰ বাবে হোৱা বিষ৷
A pain of the stomach or abdominal associated with transient disorders or serious disease.
- জঠৰস্থjo.tho.ros.thoAbstract Noun
মাকৰ জৰায়ু বা গৰ্ভৰ ভিতৰত থকা
being inside the womb of the mother