কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছাগলী
লেব্-লেবাই ফুৰা মানুহ
a babbler; a talkative man
- ছাগলী পোৱালিsa.go.li po’.wa.liCommon Noun
ছাগলীৰ সৰু পোৱালি ৷
A young or juvenile of a goat.
- ছাগলী-খুঁটিchāgalī-khum̐ṭiNoun
যঁতৰৰ পাতত থিয়কৈ লগোবা খুঁটি দুটা, য'ত যঁতৰৰ শলা লগাই ঘুৰোবা হয়।
- ছাগলী-শিঙীয়াchāgalī-śiṅīẏāNoun
ছাগলীৰ শিঙৰ নিচিনা সৰু, জোঙা আৰু দীঘলীয়া
resembling a goat's horn
- ছাগলী-শিঙীয়া- বেঙেনা
এবিধ সৰু দীঘলীয়া খৰুবা বেঙেনা।
- ছাগলীচোৰsa.go.li.so’rCommon Noun
(গোহালি, গঁড়াল আদিৰ পৰা)গৰু-ছাগলী চুৰ কৰা চোৰ।
a thief who steals farm animals like cow, goat etc; a cattle thief.
- ছাগলীৰ মঙহsa.go.lir mongohMaterial Noun
NULL
the flesh of goats or sheeps used as food
- ছাগলীৰখীয়াsa.go.lo.ro.khi.yaCommon Noun
ছাগলী চোৱাচিটা কৰা লোক।
one who looks after or takes care of a group of goats.
- ছাগশাবকsag.sa.bokCommon Noun
ছাগলীৰ সৰু পোৱালি ৷
A young or juvenile of a goat.
- ছাগশিশুsag.xi.xuCommon Noun
ছাগলীৰ সৰু পোৱালি ৷
A young or juvenile of a goat.
- ছাগুchāguNoun
এবিধ বিদেশী খাদ্য [চেবা গছৰ মাজৰ কোমল আৰু সোপোকা শাহবোৰ ঢেঁকী বা উৰালত খুন্দি এৰাৰুটৰ নিচিনাকৈ ইয়াক তৈয়াৰ কৰে।]।
sago ; (the sago palm; Metroxylon sago)
- ছাগু-দানাchāgu-dānāNoun
এবিধ বিদেশী খাদ্য [চেবা গছৰ মাজৰ কোমল আৰু সোপোকা শাহবোৰ ঢেঁকী বা উৰালত খুন্দি এৰাৰুটৰ নিচিনাকৈ ইয়াক তৈয়াৰ কৰে।]।
sago ; (the sago palm; Metroxylon sago)
- ছাঙিনchāṅinaNoun
চঙ্গীন
a bayonet
- ছাজাchājāNoun
শাস্তি; দণ্ড
punishment
- ছাটchāṭaNoun
ছিটিকনি; উফৰি পৰা পানী বা জুলীয়া বস্ত্তৰ টোপা, বিন্দু বা অলপ পৰিমাণ
splash; a drop
- ছাট মাৰ্
একেবাৰে ঢাকি ধৰ্ (পানী)
to submerge totally
- ছাট মাৰ্chāṭa, mār
জলক্ লাগ্; বৰ উজ্জ্বল কিৰণৰ প্ৰতাপত চকুৰে নেদেখা হ
to be dazzled
- ছাটনchāṭanaNoun
এবিধ বিদেশী ডাঠ ৰেচমী কাপোৰ।
satin
- ছাটনিchāṭaniNoun
চাৰিওফালে মেৰাই মেৰাই দিয়া বান্ধ
something twined round and round
- ছাটাchāṭā
দীপ্তি; যেনে-"একে আধা চন্দ্ৰাবলী আৰু ৰ'দৰ ছাটা" (বিয়াৰ গীত); "ওপৰে সূৰুযৰ ছাটা" (দুৰ্গাবৰী গীত)
dazzling light