কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইতিবৱত্তitibawattaNoun
যিটো ঠিক এনেকৈ ঘটিছে; অতীতৰ বিবৰণ; ইতিহাস
an account of the past; history
- ইতিমধ্যেitimadhyeAdverb
এই কথা বা কাৰ্য্য হৈ থকাৰ মাজতে
in the meantime; mean-while
- ইতিহাসitihāsaNoun
পুৰণি কথা; আগেয়ে হৈ যোবা ঘটনাৰ প্ৰকৱত বিবৰণ; বুৰঞ্জী
story of the past; history
- ইতিহাস প্ৰণেতাiti.hax pro.ne.taCommon Noun
যি ইতিহাসৰ বিশেষজ্ঞ অথবা যি ঐতিহাসিক ঘটনা সমূহ লিপিৱদ্ধ কৰি ৰাখে
one who specializes in history or keeps record of the historical events
- ইতিহাস প্ৰণয়নi.ti.hax pro.no.yonAbstract Noun
ইতিহাসৰ অধ্যয়ন বা ইতিহাস লিখনৰ পদ্ধতিৰ বিষয়ে অধ্যয়ন৷
the study of writing about and methodology of history as a discipline or a body of historical work on a specialised topic.
- ইতিহাস প্ৰসিদ্ধiti.hax pro.xid.dhoProper Adj.
বুৰঞ্জীত নাম থকা বা প্ৰাধান্য থকা৷
Famous or important in history; related to history
- ইতিহাসকাৰiti.hax.karCommon Noun
যি ইতিহাসৰ বিশেষজ্ঞ অথবা যি ঐতিহাসিক ঘটনা সমূহ লিপিৱদ্ধ কৰি ৰাখে
one who specializes in history or keeps record of the historical events
- ইতিহাসবিদi.ti.has.bidCommon Noun
যি ইতিহাসৰ বিশেষজ্ঞ অথবা যি ঐতিহাসিক ঘটনা সমূহ লিপিৱদ্ধ কৰি ৰাখে
one who specializes in history or keeps record of the historical events
- ইত্বৰীit.toriCommon Noun
এগৰাকী মহিলা যাৰ কোনো প্ৰভাৱশালী পুৰুষৰ লগত শাৰীৰিক সমন্ধ আছে, কিন্তু তেওঁৰ লগত বিবাহপাশত আৱদ্ধ নহয়৷ এনে মহীলাৰ সামাজিক মৰ্জদা নিম্ন৷
woman who lives and have physical relationship with a man she is not married to, and has a lower social rank than wife
- ইত্যাদিityādiIndeclinable
এইবিলাককে আদি কৰি আৰু আন-বিলাক
et cetera; and so forth
- ইতৰitaraAdjective
সাধাৰণ; নীহ
common; ordinary; low
- ইতৰ প্ৰাণীi.tor pra.niCommon Noun
মানুহক বাদ দি আনবোৰ প্ৰাণী, বিশেষকৈ স্তন্যপায়ী প্ৰাণী
An animal organism other than a human, especially a mammal.
- ইতৰ ভাষাProper Adj.
এনে এক ভাষা য’ত হাস্যকৰ, কেতিৱাবা অশ্লীল আদি শব্দ প্ৰয়োগ কৰি কোৱা হয়৷
A kind of language occurring chiefly in casual and playful speech, made up typically of short-lived coinages and figures of speech that are deliberately used in place of standard terms for added raciness, humor, irreverence, or other effect.
- ইতৰেতৰ দ্বন্দ্বitaretara, dbandbaNoun
ব্যাকৰণৰ সমাস-বিশেষ [ইয়াত অনেক পদ একেটা হৈ তাৰ বহুবচন হয়]; যেনে-"হাঁহ আৰু পাৰ", এই সমাসত "হাঁহ-পাৰ" হয়।
- ইথানেithāneAdverb
এই ঠাইত; ইয়াত
here; in this place
- ইথাৰithāraNoun
আধুনিক বিজ্ঞানমতে, সমস্ত ঠাই বিয়পি থকা এবিধ অতি পাতল বায়ুবৎ পদাৰ্থ
ether ; the subtle medium supposed to fill all space; thin clear air
- ইথিউপিয়াi.thiu.pi.yaProper Noun
উত্তৰ পূব আফ্ৰিকাৰ এখন দেশ
Ethiopia, officially known as the Federal Democratic Republic of Ethiopia, is a country located in the Horn of Africa.
- ইদংidamPronoun
এই; যেনে-"খত-পত্ৰমিদং"
this
- ইদলীid.liMaterial Noun
এবিধ দক্ষিণ ভাৰতীয় খাদ্য৷
A south Indian food item made from grounded rice steamed in closed container.
- ইদানীকidānīkaAdverb
এতিয়া; সম্প্ৰতি; আজিকালি
now; at present