কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জঙ্গলীjaṅgalīAdjective
হাবিৰ নিচিনা; হাবি থকা; যেনে-"জঙ্গলী মাটি"
covered with jungle
- জঙ্গাjaṅgāNoun
দীঘলীয়া মদৰ টেকেলি
a kind of earthen jar for keeping and drinking rice beer
- জঙ্গীjong.giProper Adj.
সেনা বাহিনী বা সৈনিকৰ সৈতে সম্পৰ্ক থকা
Of or charactaristics of armed forces or soldiers
- জঙ্ঘলjong.gholAbstract Noun
বনৰীয়া গছ-গছনিৰে ভৰি থকা এলেকা।
area with wild vegetations.
- জঙ্ঘলীjong.gho.liProper Adj.
বন্য উদ্ভিদ বা প্ৰাণীৰ দৰে আচৰণ বা ব্যৱহাৰ, অৰ্থাত্ নিৰ্দ্দিষ্ট বাসস্থান বা সংস্কৃত আচৰণ নথকা
character or behaviour suitable for wild plants or animals; that is, without fixed habitat or cultured behavior
- জঙ্ঘাjaṅghāNoun
সৰু গাঁঠিৰ ওপৰ আৰু আঁঠুৰ মাজৰ খণ্ড; কলাফুল
the leg between the ankle and the knee
- জজjajaNoun
বিচাৰপতি।
judge
- জঞ্জলিতjañjalitaAdjective
কষ্টত পৰা; দুঃখগ্ৰস্ত
afflicted; pained
- জঞ্জলীয়াjon.jo.li.yaProper Adj.
কোনো বিশৃংখল আৰু বেমেজালিজনক পৰিবেশ বা অৱস্থা৷
A condition or place of great disorder or confusion.
- জঞ্জাjong.kaAbstract Noun
তীব্ৰ বতাহ আৰু সাধাৰণতে শিলাবৃষ্টিৰে সৈতে হোৱা ভয়ঙ্কৰ বায়ুমণ্ডলীয় বিসংগতি।
Violent atmospheric disturbance with strong wind and usually with thunder, hail and rain.
- জঞ্জালjon.jalMaterial Noun
নলগা বা নিবিছৰা যিকোনো বস্তু
any matter that is no longer wanted or needed
- জঞ্জাল নথকাAdjective
হাই নথকা; নিৰোল (ঠাই)
quiet
- জঞ্জাল,jañjālaNoun
হুলস্হূল; বহুত মানুহ, কাম বা বস্ত্ত গোট খাই বেৰি ধৰিলে হোবা অসুখ বা আহুকাল
confusion; trouble or embarrassment caused by the assemblage of too many persons or things or pressure of work
- জট-পট লাগjot-pot lagVerb-Trans.
কোনো কাৰ্য্যৰ সৈতে জড়িত কৰি বান্ধ খুৱাই পেলা
to involve in or as if in a tangle, snare or mesh
- জটলাjaṭalāNoun
বহুত শাখা-যুক্ত শিং থকা পহু
a deer with horns of many branches
- জটাjaṭāNoun
জট; ইডালে-সিডালে মেৰ খাই ধৰা চুলি বা শিপা; শিবৰ বা সন্ন্যাসীৰ জঁট
entangled hair or root; matted hair (especially of Śiva or and ascetic)
- জটা-ভাৰjaṭā-bhāraNoun
জটাৰ দ'ম; যেনে-"সুশোভন জটা-ভাৰ বাকলি বসন গাৰ" (মা. ক., আদিকাণ্ড)।
- জটাজুটjaṭājuṭaNoun
জটা; যেনে-"দিব্য জটাজুট পাছে ধৰিব শিৰত" (শান্তিপৰ্ব্ব)।
- জটাধাৰীjaṭādhārīNoun
শিব
Śiva
- জটাধৰjaṭādharaNoun
শিব
Śiva