কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খৰ্জুৰkharjuraNoun
খাজুৰি; যেনে-"শাল তাৰ বেলঃ সৰল পিয়লঃ খৰ্জ্জুৰ কনক-চম্পা" (বিৰাটপৰ্ব্ব)।
- খৰ্জ্জুৰkharjjuraNoun
খাজুৰি; যেনে-"শাল তাৰ বেলঃ সৰল পিয়লঃ খৰ্জ্জুৰ কনক-চম্পা" (বিৰাটপৰ্ব্ব)।
- খৰ্তকীয়াkhartakīẏāAdjective
শীঘ্ৰে কাম কৰিব পৰা; কামত খৰ বা উদ্যোগী
brisk; quick; prompt
- খৰ্পৰkharparaNoun
মৰা মানুহৰ মূৰৰ খোলা
a skull
- খৰ্বkharbaNoun
এহেজাৰ কোটি সংখ্যা
one thousand crores
- খৰ্ব-নিখৰ্বkharba-nikharbaAdjective
বৰ চোকা; বৰ উদ্যোগী
very sharp or smart
- খৰ্বতাkhor.bo.taVerbal Noun
gradual loss in quality due to long use
- খৰ্বধাৱকAbstract Noun
something that counterbalances, counteracts, or compensates for something else
- খৰ্ব্বkharbbaNoun
এহেজাৰ কোটি সংখ্যা
one thousand crores
- খৰ্ব্বTransitive verb
দমন কৰ
to destroy
- খৰ্ব্ব-নিখৰ্ব্বkharbba-nikharbbaAdjective
বৰ চোকা; বৰ উদ্যোগী
very sharp or smart
- খৰ্মাৰ্Intransitive verb
ইলুটি-সিলুটি হ; বগৰা-বাগৰি কৰ্; কষ্ট পাই লৰি-ঢাপৰি ফুৰ্ বা ধৰ্ ফৰা
to tumble or toss about; to be restless
- খৰ্মুজাkharmujāNoun
চিৰাল জাতিৰ বছৰেকীয়া খেতিত হোবা এবিধ লতা আৰু তাৰ পকিলে সোবাদ হোবা ফল; বাঙি
sweet melon; musk melon; Cucumis melo
- খৰ্ম্মুজাkharmmujāNoun
চিৰাল জাতিৰ বছৰেকীয়া খেতিত হোবা এবিধ লতা আৰু তাৰ পকিলে সোবাদ হোবা ফল; বাঙি
sweet melon; musk melon; Cucumis melo
- খৰ্মৰণি
খৰ্ মৰ্ কৰা কাৰ্য্য।
- খৰ্মৰ্kharmarNoun
কোনো বস্ত্ত ইলুটি-সিলুটি বা বাগৰা-বাগৰি কৰিলে হোবা শব্দ
an imitative word used to express the sound produced by anything quickly turning from side to side
- খৱষ্টkhawaṣṭa
"খ্ৰীষ্ট" চোবাঁ।