কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উভ-নাঙটubha-nāṅaṭaAdjective
বসন-ভূষণ-শূন্য
bare; naked
- উভঁহাubham̐hāNoun
নিমজ বস্ত্তৰ গাত থকা জোঙা বা অসমান অংশ; কাঠ আদি চাঁচোঁতে ওখ আৰু জোঙা হৈ ৰৈ থকা অংশ
anything rising like a small thorn on a smooth surface
- উভঁহা ঘোৰ্
আপত্তি কৰ্।
- উভঁহা মেল্
ৰ'দত থকা বা আন কোনো কাৰণৰ বাবে সমান বস্ত্তৰ গাৰপৰা সমান ক্ষুদ্ৰ অংশ ফাট মেলি দাং খাই উঠ্; যেনে-"তক্তাচলাৰ গাত উভহা মেলিলে।"
- উভংubhamAdjective
বিপৰীত; বেয়া; অভদ্ৰ; ক'ব নলগীয়া; লাজ জন্মোবা; অবাচ্য; লাজ লগা
improper; rough; shameful; obscene
- উভকামীu.bho.ka.miProper Adj.
পুৰুষ আৰু মহিলা দুয়োটা লিংগৰ প্ৰতি থকা প্ৰেমজনিত, যৌন আকৰ্ষণ অথবা দুয়োটা লিংগৰ ব্যক্তিৰ লগত যৌন আচৰণ কৰা৷ ই মূলতঃ কোনো ব্যক্তিৰ পুৰুষ আৰু মহিলা দুয়োৰে প্ৰতি থকা প্ৰেমজনিত অথবা যৌন অনুভূতিক বুজায়৷
having or showing romantic attraction, sexual attraction or sexual behavior toward both males and females. The term is mainly used in the context of human attraction to denote romantic or sexual feelings toward both men and women
- উভঙাubhaṅāAdjective
ওভতা; নিমজ নোহোবা; খহটা
rough
- উভচৰu.bho.sorProper Adj.
মাটি আৰু পানী দুয়ো ঠাইতে বসবাস কৰিব পৰা বা আহ-যাহ কৰিব পৰা ক্ষমতা থকা
being able to live or move in both water and land with equal ease
- উভচৰীu.bho.so.riProper Adj.
মাটি আৰু পানী দুয়ো ঠাইতে বসবাস কৰিব পৰা বা আহ-যাহ কৰিব পৰা ক্ষমতা থকা
being able to live or move in both water and land with equal ease
- উভঞ্জিubhañji
উভালি; উঘালি; যেনে-"আছে ৰাজহংস সমূহে ৰঞ্জি। লীলায়ে মৱণাল ভুঞ্জে উভঞ্জি" (ধ্যান-বৰ্ণন)।
- উভঞ্জu.bhonjVerb-Trans.
গজা বা বিকশিত হোৱা ঠাইৰ পৰা জোৰ কৰি উঠাই পেলোৱা।
to pull off or out from the place of growth.
- উভটি আহ্u.bho.ti ahVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- উভতu.bhotVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- উভত-গোৰেubhata-goreAdverb
ভৰি ওভোতা কৰি; তলমূৰ কৰি; "ওভত-গোৰে" চোবাঁ; যেনে-"পুতিবে উভত-গোৰে বিষ্ঠাৰ গৰ্ত্তত" (দশম)।
- উভতাubhatāAdjective
ওভোতা; যেনে-"লোমচয় উভতা ভেঙ্গুৰা দুই পাব" (মা. ক. অৰণ্যকাণ্ড)।
- উভতিubhatiNoun
চেপাৰ নিচিনা মাছ ধৰা যন্ত্ৰ
a kind of fish-trap
- উভতি ধৰ্u.bho.ti dhorVerb-Trans.
কাৰোবাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জবাব দে
to reply to, usually in a sharp or retaliatory way
- উভতি নাচ্
ডেও পাৰ্; বৰকৈ অতপালি কৰ্
to be overbearing or imperious
- উভফোল্ubhapholAdjective
ইফাল-সিফাল ভেদি যোবা; যেনে -"নিচেষ্টে আছন্ত পৰি উভফোল কৰি আতি শালি আছে ৰাঘবৰ বাণে" (ৰামায়ণ)
piercing through
- উভমুখীCommon Noun
যিজন ব্যক্তি সম্পূৰ্ণৰূপে বহিৰ্মুখী বা অন্তৰ্মুখী নহয়
a person who is neither completely extroverted nor introverted or who has a balance of both the personalities of extrovert and introvert