কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢুকাই থাক্dhu.kai thakVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- ঢুকাই যাdhu.kai jaVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- ঢুকি পাḍhuki, pā
হাতেৰে লগ পা
to reach by the hand
- ঢুক্ḍhukIntransitive verb
প্ৰবেশ কৰ্; সোমা; যেনে-"বোলো মই তান গৱহে ঢুকো কোন ছলে" (শঙ্কৰ-চৰিত)
to enter
- ঢুল ঢুলḍhula, ḍhulaAdverb
বেছিকৈ মূৰ দুপিয়াই; যেনে-"কাসে ঢুল ঢুল সৰি গৈল চুল" (বৰগীত)।
- ঢুলঢলীয়াdhul.dhu.li.yaProper Adj.
চকুপানীৰে ভৰা (চকু)
(eyes) full of tears for an expressed unhappy event
- ঢুলঢুলীয়াḍhulaḍhulīẏāAdjective
বেদনা বা শোকৰ দ্বাৰা চকুৰ লো ভৰি থকা; কান্দো কান্দো বা চকুৰ পানী ওলাওঁ ওলাওঁ হৈ থকা
about to shed tears
- ঢুলাḍhulāTransitive verb
লাহে লাহে চামৰেৰে বিচ্; চোঁবৰেৰে বা দি; যেনে-"বৰ সিংহাসনত উঠি বজা হয়, চামৰেৰে ঢুলায়" (বুৰঞ্জী)
to fan mildly with a chowry
- ঢুলিয়াdhu.li.yaCommon Noun
বেংছতাৰ এটা বিশিষ্ট গণ, যি বহুলভাৱে বিস্তৃত আৰু প্ৰায় ৫০ বিধ প্ৰজাতিৰে গঠিত৷
Lycoperdon is a genus of puffball mushrooms. The genus has a widespread distribution and contains about 50 species.
- ঢুলীয়াḍhulīẏāNoun
ঢোল বজোবা মানুহ
a drummer
- ঢুলীয়া-ঘুমটিḍhulīẏā-ghumaṭiNoun
ঘোৰ টোপনি
a deep or sound sleep
- ঢুলুকিdhu.lu.kiMaterial Noun
ডাঙৰ কলহৰ মুৰটো ভাঙি তাৰ বহলফালে ঢোলৰ দৰে কৰি আনফালে খোলা ৰাখি মিছিং জনজাতিসকলে বিহু মাৰিবলৈ আহোতে, দুয়োটা ভৰিৰ মাজত ভৰাই দুয়োটা হাতেৰে বজোৱা এবিধ লোকবাদ্য ৷
a mucical instruments like drum.
- ঢুলুকীḍhulukīNoun
ঢোলৰ নিচিনা এবিধ বাদ্য যন্ত্ৰ
a kind of small musical drum
- ঢুল্ḍhulIntransitive verb
পাছ ফালৰপৰা আগ ফাললৈ আৰু আগ ফালৰপৰা পাছ ফাললৈ গা সঞ্চালিত কৰ্
to rock to and fro; to swing the body backward and forward
- ঢুল্কীdhul.kiMaterial Noun
দুই মুৰ চামৰাৰে বন্ধ ঢোলৰ দৰে এবিধ বাদ্য|আধুনিক সঙ্গীতত ব্যৱহাৰ হয় | হাতৰ তলুৱা আৰু আঙুলিৰে আঘাত কৰি বজোৱা হয় | আনহাতে গোৱালপৰীয়া লোকগীত গাওঁতে মাটিত বহি সৰু বাঁহৰ কাঠীৰে বজোৱা হয় ৷
The Dholak is a classical Indian, Pakistani and Nepalese hand drum. A dholak may have traditional lacing or turnbuckle tuning. The dholak has a simple membrane and a handle on the right-hand side. The left-hand membrane has a special coating on the inner surface. This coating is a mixture of tar, clay and sand (dholak masala) which lowers the pitch and provides a well-defined tone. Basically, a dholak is used to play with the help of fingers and palm. But, in Goalparia folk song it is used to play with the help of small sticks.
- ঢেঁকাḍhem̐kāNoun
এমূৰে ভাজ থকা লোক নিয়াৰি [ইয়াৰে কাঁহৰ পাত্ৰ ঘূৰণীয়া কৰে।]।
- ঢেঁকিফুলdhe~.ki.phulCommon Noun
সৰু পিঞ্জৰ সমান গছ মাটিৰ তলত বগা লিখাটোক সমান গুটি লাগে পৌৰাণিক যুগৰ পৰাই ইয়াক দৰব হিচাবে ব্যৱহাৰ কৰি আহিছে৷
plants of this species are found globally from Tropical Africa to Myanmar. In India, it is found throughout the plains and in the dry hills of the lower Himalayas . It uses as medicine dats back to sixth century before Christ, e.g; Oxymel of Squill, used for coughs, was invented by Pythagoras.
- ঢেঁকিয়ালḍhem̐kiẏālaNoun
আহোম ৰজাৰ দিনৰ এখেল চমুবা মানুহ
a class of the Ahoms
- ঢেঁকীḍhem̐kīNoun
ধান বনা আৰু শস্য খুন্দা বা পৰিষ্কাৰ কৰা কাঠৰ যতন
a pedal for cleaning or pounding rice, etc.
- ঢেঁকী খেলdhe~.ki khelMaterial Noun
সৰু ল’ৰা-ছোৱালীয়ে খেলা এক খেল৷ দুমূৰে উঠি তল-ওপৰ কৰি (এফালে তললৈ গ’লে আনফালে ওপৰলৈ উঠা)খেলা, মধ্য অংশত ধুৰা লগোৱা এচটা দীঘল চেপেটা কাঠ
a piece of sport equipment for children: a long flat piece of wood that is supported in the middle enabling two users to sit at each end and make the see-saw move up and down