কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গজাননgajānanaNoun
গণেশ; শিবৰ পুত্ত্ৰ [এওঁৰ মূৰ হাতীৰ নিচিনা, গা মানুহৰ নিচিনা।]
a name of Gaṇeśa, son of Śiva
- গজালgajālaNoun
বাঁহ, কাঠ আদি একেলগ কৰি ধৰি ৰাখিবলৈ মৰা বাঁহ বা লোৰ জোঙা শাল বা কাঁইট
a nail
- গজাল মাৰ্go.jal marVerb-Trans.
হাতুৰিৰে কোবাই কাঠ, বাঁহ আদিৰ ভিতৰলৈ গজাল সুমাৱাই দে।
To fasten, join, or attach with or as if with a nail.
- গজালিgajāliNoun
অঙ্কুৰ; কোঁহ; পোখা
a shoot; sprout
- গজালি মেল্go.ja.li melVerb-Intran.
(গছ, পাছলি আদিৰ)নতুন পাত বা গজালি উলিওৱা৷ যেনেঃ বুটখিনিয়ে গজালি মেলিলে৷
(cause a seed to) start growing; to produce new leaves/ buds.
- গজালুgajāluNoun
বন কাম নকৰা ধিতিঙা ডেকা
a lazy and fashionable young man
- গজাল্, গজাল মাৰ্Transitive verb
to nail
- গজুবাgajubāNoun
বহল দীঘলীয়া পাতেৰে এবিধ ওখ ডাঙৰ আওকাঠী গছ
a kind of forest tree
- গজেন্দ্ৰgajendraNoun
জাকৰ মাজত প্ৰধান মতা হাতী
a large male elephant
- গজেন্দ্ৰ- পুৰুষ
বলবন্ত আৰু ওখ ডাঙৰ মানুহ
a tail, strong and stout person
- গজেন্দ্ৰ-গমনNoun
গজগতি।
- গজোবাgajobāAdjective
গজেৰে পৰিষ্কাৰ কৰা (ধোঁবা-খোবা)।
- গজ্gajIntransitive verb
পুলি হ; গুটি ফাটি অঙ্কুৰ বা গজালি ওলা
to germinate
- গজ্গজgajgajaNoun
শাল মাৰি ধৰিলে বা খুঁচিলে যেনে দুখ বোধ হয় তাক বুজোবা শব্দ
an imitative word used to express the painful sensation produced by a spike when driven into the
- গজ্গজনিNoun
গজ্ গজ কৰা কাৰ্য্য
the act of producing a painful sensation by a spike or sharp thing when thrust into the body
- গজ্গজীয়াAdjective
টান হৈ লাগি ধৰা; লৰচৰ নোহোবা; নিশ্চিত; স্পষ্ট
firm; decided; real
- গজ্গজীয়াgajgajīẏāAdjective
হাতীৰ নিচিনা থূলবন্ত আৰু বলবন্ত; ডাঙৰ-দীঘল; শকত
stout and strong
- গজৰ-খাবৈgajara-khābaiNoun
হাতীৰ সমান অৰ্থাৎ সৰহকৈ খোবা কিন্ত্ত এলেহুবা মানুহ; ভাত-ভাৰী মানুহ; ধোদ
a gluttonous, lazy man
- গজৰ-খাৱৈgo.jor-kha.woiProper Adj.
মাথোন খাব পৰা, কাম কৰিব নজনা লোক ৷
One who do not know work, only can eat.
- গজৰাজgo.jo.rajCommon Noun
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.