কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমাধান কৰ্xo.ma.dhan korVerb-Trans.
কোনো সাঁথৰ, ৰহস্য আদিৰ উত্তৰ বিচাৰি পা৷
to find out the answer of a riddle or mystery.
- সমাধিsamādhiNoun
বাহ্য জ্ঞান এৰি ঈশ্বৰ-চিন্তাত মগ্ন হৈ কৰা উপাসনা; ধ্যান; তন্ময় হৈ কৰা গভীৰ ঈশ্বৰ-চিন্তা
deep mental concentration upon God; deep meditation upon God
- সমাধি স্তম্ভxo.ma.dhi stom.bhoCommon Noun
মৃত ব্যক্তি (সমূহ)ৰ বা যুদ্ধত নিহত হোৱা আৰু আন কৰবাত সমাধিস্থ সৈনিকৰ স্মৃতিত নিৰ্মিত এক সৌধ৷
a monument built in the memory of a person(s) (or soldiers killed in war) burried somewhere else.
- সমাধিভূমিMaterial Noun
মৰা মানুহক পোতা বা সমাধি দিয়া ঠাই ।
The place where people are buried after death.
- সমাধিস্থলxo.ma.dhi.stholMaterial Noun
মৰা মানুহক খৰি দিয়া ঠাই ।
The place where people are burnt after death.
- সমাধিস্থানxo.ma.dhi.sthanMaterial Noun
মৰা মানুহক পোতা বা সমাধি দিয়া ঠাই ।
The place where people are buried after death.
- সমাধ্যক্ষCommon Noun
অধ্যক্ষৰ আসনত যুটীয়াভাৱে অধিষ্ঠিত দুই বা ততোধিক ব্যক্তিৰ এজন
one of two or more individuals who jointly hold the office of the chairman
- সমানsamānaAdjective
সম; তুল্য; একে পৰিমানৰ; সদৱশ
equal; of equal measure; similar
- সমানতাxo.ma.no.taAbstract Noun
এটা আনটোৰ সৈতে একে পৰিমাণ, জোখ বা মূল্যৰ হোৱা
being or having the same quantity, measure or value as another
- সমানুপাতsamānupātaNoun
একতকৈ অধিক অনুপাতৰ সম্বন্ধ (গণিত)
proportion
- সমানুপাতিকxo.ma.nu.pa.tikProper Adj.
যেতিয়া দুটা চলকৰ মান একেলগে সলনি হয় অৰ্থাৎ এটা বাঢ়িলে আনটোও বাঢ়ে আৰু এটা কমিলে আনটোও কমে তেন্তে চলক দুটা পৰস্পৰ সমানুপাতিক
when two parameters changes values together, i.e. as one increasses, the other also increases and vice versa, then they are called proportional to each other
- সমানে সমানেsamāne, samāneAdverb
যোৰে যোৰে; নিজৰ সমান লোকেৰে সৈতে; এজন যেনে, তেনে আন এজনেৰে সৈতে
with a person equalto one's self; with a match
- সমানোদকsamānodakaNoun
সপিণডৰ পাছৰ চৈধ্য পুৰুষলৈকে তৰ্পণ কৰিব লগীয়া জ্ঞাতি
a conssanguinous kinsman up to the 14th generation, entitled to libations of water
- সমান্তৰ অনুক্ৰমxo.man.tor o.nu.kromAbstract Noun
কিছুমান সংখ্যাৰ এটা অনুক্ৰম৷ ইয়াৰ প্ৰতিটো সংখ্যা পূৰ্বৱৰ্তী সংখ্যাটোৰ লগত এটা সাধাৰণ অন্তৰ যোগ কৰি পোৱা যায়৷
An arithmetic series is the sum of a sequence in which each term is computed from the previous one by adding (or subtracting) a constant
- সমান্তৰ প্ৰগতিxo.man.tor pro.go.tiAbstract Noun
কিছুমান সংখ্যাৰ এটা অনুক্ৰম৷ ইয়াৰ প্ৰতিটো সংখ্যা পূৰ্বৱৰ্তী সংখ্যাটোৰ লগত এটা সাধাৰণ অন্তৰ যোগ কৰি পোৱা যায়৷
An arithmetic series is the sum of a sequence in which each term is computed from the previous one by adding (or subtracting) a constant
- সমান্তৰ মধ্যকxo.man.tor mo.dhyokAbstract Noun
the central tendency of a collection of numbers taken as the sum of the numbers divided by the size of the collection
- সমান্তৰ মাধ্যx.man.tor ma.dhyoAbstract Noun
the central tendency of a collection of numbers taken as the sum of the numbers divided by the size of the collection
- সমান্তৰকxo.man.to.rokMaterial Noun
সমান্তৰাল পোহৰ পাবলৈ বৰ্ণালীবীক্ষণ যন্ত্ৰ আদিত ব্যৱহৃত সজুঁলি৷
a equipment used in spectrometer to obtain parallel rays.
- সমান্তৰালsamāntarālaAdjective
সমান আঁতৰত বা দূৰত থকা; . সমান্তৰাল ক্ষেত্ৰ বি. সমুখা-সমুখি ভূজবিলাক সমান্তৰাল সৰল ৰেখাৰে আগুৰা ক্ষেত্ৰ, . সমাপক বিণ. শেষকাৰী; সমাপ্তকাৰী; পূৰক; . স্ত্ৰী. সমাপিকা।
parallel ; a parallelogram ; completing
- সমান্তৰাল ক্ষেত্ৰxo.man.to.ral khyet.roProper Noun
এক চতুৰ্ভূজ যাৰ বিপৰীত বাহু দুটা সমান আৰু সমান্তৰাল হয় |
A figure having four sides, with the opposite sides set apart at an equal distance and of equal length.