কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপস্থাপনu.po.stha.ponVerbal Noun
কোনো কথা ডাঙি ধৰা বা উল্লেখ কৰা কাৰ্য্য
the act of put forward or mentioning of an idea
- উপস্থাপন কৰ্u.po.stha.pon korVerb-Trans.
কোনো ধাৰণা বা বুদ্ধি আলোচনাৰ বাবে বা বিবেচনাৰ বাবে আগবঢ়োৱা৷
to forward an idea for consideration, discussion, or adoption
- উপস্থিতu.pos.thitProper Adj.
কোনো সময়ত কোনো স্থানত থকা অৱস্থা৷
being available at given time at given place
- উপস্থিত বুদ্ধিu.pos.thit bud.dhiAbstract Noun
তৎক্ষণাৎ নিজৰ বুদ্ধিৰে কথা ক’ব বা কাম কৰিব পৰা শক্তি |
Self-control in a crisis; ability to say or do the right thing in an emergency.
- উপস্থিতিu.pos.thi.tiAbstract Noun
অস্তিত্ব, চেতনা বা জীৱনৰ সত্য বা অৱস্থাটো, অথবা তেনে অৱস্থাত থকা কোনো বস্তু।
the state or fact of existence, consciousness, or life, or something in such a state.
- উপস্বত্বAbstract Noun
ৰাজ্য বা দেশৰ বাৰ্ষিক আয়, যি ৰাজহুৱা কামত ব্যয় হয়
State's annual income from which public expenses are met
- উপস্বৰAbstract Noun
a semivowel is a sound which is has a vowel sound but functions as the consonant as well.
- উপস্হupashaNoun
গুপ্ত অঙ্গ; ঘাইকৈ পুৰুষৰ গুপ্ত অঙ্গ
the genital organ, especially that of a male
- উপস্হাপনupashāpanaNoun
অবতাৰণা; উত্থাপন; সম্মুখত দাঙি ধৰা
presentation
- উপস্হিতupashitaAdjective
ওচৰত বা আগত থকা; আহি পোবা; বৰ্ত্তমান; বিদ্যমান
present; existing
- উপস্হিত- বুদ্ধি
প্ৰত্যুৎপন্নমতি।
- উপসৰ্গupasargaNoun
ধাতুৰপৰা হোবা শব্দৰ লগত যোগ হৈ নানা অৰ্থৰ উৎপত্তি কৰা শব্দ [এই উপসৰ্গ
- উপহতupo.hotoProper Adj.
দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
effected by a cut or physical damage
- উপহসিতProper Adj.
যাক উপহাস কৰা হৈছে
who has been rediculed.
- উপহাসupahāsaNoun
লোকক হঁহা কাৰ্য্য; লোকক লাজ দিয়া; পৰিহাস; নিন্দা; ইতিকিং
a joke; ridicule; derision
- উপহাস কৰ্u.po.hax korVerb-Trans.
অসন্মানজনকভাৱে ব্যৱহাৰ কৰ্ বা হাঁহিয়াতৰ পাত্ৰ কৰ্
To behave with contempt and disrepestfully or mimic contemptously; make fun of or laugh at
- উপহাস্যupahāsyaNoun
লোকক হঁহা কাৰ্য্য; লোকক লাজ দিয়া; পৰিহাস; নিন্দা; ইতিকিং
a joke; ridicule; derision
- উপহাৰupahāraNoun
উপঢৌকন; সম্মান কৰি দিয়া বস্ত্ত বা ভেটি
a present to a superior
- উপহৰণMaterial Noun
দেৱতা বা বয়োজ্যেষ্ঠজনক দিয়া নৈবেদ্য
an offering toward God or elderly person
- উপাংগu.pang.goMaterial Noun
জীৱৰ শৰীৰৰ মূল ভাগৰ পৰা বাহিৰলৈ ওলাই থকা বা বাঢ়ি যোৱা অংশ
an external body part, or natural prolongation, that protrudes from an organism's body