কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খচ্খচনিNoun
খচ্খচ্ কৰা কাৰ্য্য; চকুত বালি, কুটা আদি পৰিলে হোবা দুখ
irritation caused in the eye by dust, etc.
- খচ্চাkhaccāAdjective
গাঁঠি লগা; টান
knotty as a lie
- খচ্চৰkhaccaraNoun
ঘোঁৰা বা গাধাৰে মিহলি হৈ জগা এবিধ জন্ত্ত
a mule
- খচ্মচকৈAdverb
শীঘ্ৰে; লৰালৰিকৈ
quickly; hurriedly
- খচ্মচনিNoun
খচ্ মচ্ কৰা কাৰ্য্য।
- খচ্ খচ্khos.khosAbstract Noun
বালি বা খৰচীয়া বস্তু মোহাৰিলে হোৱাৰ নিচিনা শব্দ৷
An imitative sound used to express that produced by sand or dust when pressed.
- খচ্ মচ্khos.mosAbstract Noun
শুকান পাত আদি লৰিলে হোৱাৰ নিচিনা শব্দ৷
An imitative sound used to express a rustling noise.
- খচৰkhacara
খেচৰ।
- খচৰ খচৰAdjective
যেনে-"তাই ভিতৰৰপৰা খচৰ্ খচৰ্ মাত লগাই আছে।"
- খচৰাkhacarāNoun
পাণ্ডুলিপি; আঁচনি
a rough draft
- খচৰ্khacarNoun
কল-গছ আদি কোমল বস্ত্ত অকস্মাৎ বলেৰে কাটিলে বা খুঁচিলে হোবা শব্দ; সেই নিচিনা আন শব্দ বা মাত
an imitative word used to express the sound produced by cutting or spearing a soft body or a similar sound of speech, etc.
- খচৰ্ কৰে, খচৰাইAdverb
খচৰ শব্দ কৰি; অকস্মাৎ; টপ্ কৰি
suddenly
- খচৰ্ খচৰ্Noun
ঘনাই আৰু অলপ ৰৈ ৰৈ কৰা শব্দ বা সেই নিচিনা মাত।
- খছৰাkhacharāNoun
পাণ্ডুলিপি; আঁচনি
a rough draft
- খজলkho.jolMaterial Noun
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
- খজাkhajāAdjective
পকিলেও টান হৈ থকা; ঠেৰেহা; পকি কোমল বা গলিয়ন নোহোবা
ripe but not soft; imperfectly or partially ripe
- খজা বন্দুকko.ja bon.dukMaterial Noun
আগৰ দিনত যুদ্ধত ব্যৱহৃত ডাঙৰ আৰু গধূৰ খজা বন্দুক।
Large and heavy mounted gun, used in historical times.
- খজিনাkhajināNoun
জেউৰ; ঠেঁহ; ৰোহ; একেটা কথা বা বস্ত্তত ধৰি থাকি কৰা আমনি
childish fastidiousness or squeamishness
- খজিৰkhajiraNoun
খৈৰ; এবিধ গছ।
- খজুবতিkhajubatiNoun
আঁচুৰিলে বা খজুবালে সূত লগা এক প্ৰকাৰ অখবোধ
an itching sensation