কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঁপাওঁতাko~.pao~.taCommon Noun
যি কঁপনিৰ সৃষ্টি কৰে
one which causes shivering
- কঁপ্kam̐pIntransitive verb
ঘনকৈ লৰচৰ কৰ্; জাৰ, বেদনা বা ভয়ৰ কাৰণে গা, হাত-ভৰি জোকাৰ্; থৰক্ বৰক্ কৰ্; অস্হিৰ হ
to shake; to tremble; to shiver
- কঁবৰাkam̐barāAdjective
কাঁবৰা; আঁকোৰগোজ; কামাতুৰ
passionate
- কঁহkam̐haNoun
কাঁহ, তাম, পিতল আদি ধাতুত টেঙা বা আন চোকা বস্ত্ত লাগিলে উৎপন্ন হোবা মল বা সেউজীয়া ৰং
verdigris
- কঁহ উঠ্
কাঁহ, তাম, পিতল আদি ধাতুৰ পাত্ৰত বস্ত্ত সিজাওঁতে বা আন কোনো কাৰণৰ বাবে আকটা আৰু কেঁহা স্বাদ উৎপন্ন হ
to become discoloured and distasteful
- কঁহকঁহীয়াko~h.ko~.hi.yaProper Adj.
of, pertaining to, or resembling blood; containing or composed of blood
- কঁহকহীয়াProper Adj.
recently cut or prepared, especially related to meat etc.
- কঁহাৰkam̐hāraNoun
কাঁহৰ লোটা, বাটি আদি গঢ়োঁতা; কাঁহৰ কাম কৰোঁতা
a bell-metal worker
- কঁহুবাkam̐hubāAdjective
কাঁহৰ তৈয়াৰী; কাঁহেৰে সজা
made of bell- metal
- কঁহুবানি
কঁহুবা বনৰ হাবি
land covered with this variety of grass
- কঁহুৱাko~.hu.waProper Noun
অসমত কঁহুৱা নামেৰে জনাজাত এই বনবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও দক্ষিণ আফ্ৰিকা আৰু হিমালয়ৰ কাষৰীয়া ঠাই নেপাল, ভূটান আদিৰ অৰণ্যত পোৱা যায়৷ এই বনবিধ সাধাৰণতে নদী কাষৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে গজি উঠা দেখা যায়৷ এই বনবিধ ভাৰতৰ গঁড়ৰ প্ৰধান খাদ্য৷ নেপালত এইবিধ বন ঘৰৰ চাল চোৱা কামত প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়৷ এই বনবিধ দক্ষিণ এছিয়াৰ অৰণ্যত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ এই বনবিধৰ জীৱনকাল দুবছৰ৷ এই বনবিধৰ বৈজ্ঞানিক নাম হ’ল ছ্যাচাৰাম স্পণ্টেনিয়াম৷ ইহঁতৰ উচ্চতা তিনি মিটাৰলৈকে হয়৷ এই বনবিধৰ গণ হ’ল- ছ্যাচাৰাম আৰু প্ৰজাতি হ’ল- স্পণ্টেনিয়াম৷
Kans grass is a grass native to South Asia. A lowland ecoregion at the base of the Himalaya range in Nepal, India, and Bhutan, This grass almost pure stands on the lowest portions of the floodplain. Kans grasslands are an important habitat for the Indian Rhinoceros. In Nepal, Kans grass is harvested to thatch roofs. It is a perennial grass, growing up to three meters in height.
- কঁহুৱানিko~.hu.wa.niCommon Noun
কঁহুৱা বনেৰে ভৰি থকা ঠাই
a plot of land or a place covered by Kans grass or Saccharum spontaneum
- কঁহেkam̐heAdverb
কোন পিনে; কোন দিশে
in which direction
- কঁহ্কঁহীয়াkam̐hkam̐hīẏāAdjective
নতুন; জীয়া, নেগেলা (মঙহ)
fresh
- কঁড়াল্kam̐ṛālIntransitive verb
ঠাল-ঠেঙুলি বা ওখৰা- মোখৰা গুচাই নিমজ কৰ্
to make smooth by removing branches or uneven parts
- কঁড়িয়াkam̐ṛiẏāIntransitive verb
শৰ মাৰ্ বা প্ৰহাৰ কৰ্; কাঁড় মাৰ্
to shoot with a arrow
- কঁড়িয়া-কঁড়িkam̐ṛiẏā-kam̐ṛiNoun
কাঁড় মৰা-মৰি; কাঁড়েৰে কৰা যুদ্ধ
shooting arrows at one another; mutual discharge of arrows
- কঁড়ীয়াko~.ri.yaMaterial Noun
কাঁৰ বা শৰ থোৱা অথবা কঢ়িয়াই নিয়া চুঙ্গা|
A case for holding or carrying arrows.
- কঁঢ়াkam̐ṛhāNoun
এবিধ ওখ ডাঙৰ আওকাঠী গছ [ইয়াৰ পাত চোম-পাতৰ সমান ডাঙৰ, পকিলে টিক্ টিক্ কৰে ৰঙা হয়; ইয়াৰ পাত এড়ীপলুক খুবায়; চেলেং গছৰ এটা উপজাতি]
a kind of tree; Sapiu, eugenia folium
- কঁৰাkam̐rāNoun
ভাঁবৰি-মাৰিত মেৰ খাই থকা মুগা-সূতা
a quantity of mugā silk wound on a spindle