কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাবুকcābukaNoun
ছালেৰে গোঁঠা চেকনি বা সৌকা
a whip; a scourge
- চাবুক ধৰাsa.buk dho.raProper Noun
অসম ৰজাৰ দিনত চাবুকৰ দ্বাৰা অপৰাধীক দণ্ড দিবলৈ এক শ্ৰেণীৰ মানুহ আছিল ।তেওঁলোকৰ ওপৰৰ বিষয়া জনক ‘চাবুক ধৰা বৰা’ বোলা হৈছিল ।বৰ্ত্তমান অসমৰ এটা উপাধি
One whose duty was to inflict punishment by whipping at the time of Assam king. Now it is a family title of Assam.
- চাবুক-ধৰাNoun
আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম
a chobdar
- চাবুকধাৰীsa.buk dha.riCommon Noun
বেত বা চাবুকেৰে কোবাই শাস্তি দিয়া মানুহ ।
One who punishes people (specially criminals) with a whip.
- চাবুদcābudaNoun
প্ৰমাণ।
- চাবুৰিcāburiNoun
একে সময়তে আৰু একেবাৰেই পৰা বহুত গালি
a volley of abusive words
- চাবুৱাProper Noun
a town in the Dibrugarh district of Assam. It is surrounded by many tea gardens and has an Air Force station. The TATAs set up a referral hospital here. Besides this town has a Rural Health Tranining Centre under the Department of Social and Preventive Medicine, Assam Medical College, Dibrugarh.
- চাবেকcābekaAdjective
আগৰ; পূৰ্ব্বৰ; পুৰাতন
previous; former
- চাবোনcābonaNoun
তেল আৰু ছাই, খাৰ মিহলাই কৰা, গা আৰু কাপোৰ ধোবা এবিধ বস্ত্ত
soap
- চাবোনীকৰণNoun
চাবোনীকৰণ
চাবোনীকৰণ
- চাবোনীকৰণ মানNoun
চাবোনীকৰণ মান
চাবোনীকৰণ মান
- চাব্মেৰিনsab.me.rinCommon Noun
সাগৰৰ তলেৰে চলা পানী জাহাজ
a ship that can move under water
- চামcāmaNoun
ছাল; যেনে-"হাতে-গলে ভৰিত চামৰ লগাই জৰী" (ৰত্নাবলী)।
- চাম কচুsam ko``.suCommon Noun
কচু শাকৰ এক প্ৰজাতি৷
An aroid distributed throughout India. This strange plant has very narrow 3 ft flower heads emerging before leaves in spring, then unfurl into only kind of narrow, with intricate maroon and cream patterning.
- চাম-কঁঠাল
চাম গছৰ ফল
the fruit of the cham tree
- চামকা-চামকিcāmakā-cāmakiAdverb
চমকা-চমকে; এচমকাৰপৰা আন চমকালৈ; যেনে-"চামকা-চামকি কেহোঁ মাংসক উভাৰে" (মা. ক., লঙ্কাকাণ্ড)
handful by handful
- চামগছsam.gosProper Noun
এছিয়াৰ নাতিশীতোষ্ণ আৰু উষ্ণ অঞ্চলত উপলভ্য এবিধ ডাঙৰ গছ।
A large tree found in the temperate and tropical regions of Asia such as Yunnan province of China, Bhutan, North East India, Bangladesh, Myanmar, Laos,Thailand and Malaysia.
- চামগুৰিsa.mo.gu.riProper Noun
নগাঁও জিলাৰ উল্লেখযোগ্য স্থান৷
An important place of Nagaon district of Assam.
- চামচেলুকাcāmacelukāNoun
এবিধ কলপতীয়া বৰণৰ বিছা জাতিৰ পোক
a kind of green caterpillar
- চামচেৰুৱাsam.se.ru.waCommon Noun
এবিধ দীঘল বৰ ঘণ নোমেৰে বিছা৷ সাধাৰণতে কলগছত পাত খাই থকা দেখা যায়৷
a kind of long hairy caterpillar.