কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সনৎxo.notProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- সপক্ষsapakṣaAdjective
কোনো এক পক্ষৰ ফলীয়া; অনুকূল; হিত চিন্তা কৰা; যেনে-"তেওঁৰ সপক্ষ মানুহ;" . ক্ৰি. বিণ. সপক্ষে।
siding with; friendly
- সপতsapataNoun
সাত; যেনে-"লৰিলেক দশোদিশ সপত সাগৰ" (ভীমচৰিত্ৰ)।
- সপতাsapatāNoun
দা-কটাৰী আদিত মেলা ফাট বা চঁহা
a flew or a crack in the blade of any cutting instrument
- সপত্নsapatnaNoun
শত্ৰু; প্ৰতিদ্বন্দী।
- সপত্নীsapatnīNoun
সতিনী।
- সপত্নীকsapatnīkaAdjective
যাৰ পত্নী আছে। ক্ৰি. বিণ. পত্নীসহ; সস্ত্ৰীক।
- সপাৰ্শ্চিকxo.par.sikProper Adj.
কোনো প্ৰচেষ্টাত অংশ লোৱা
Associated with or participate in an effort
- সপি দেxo.pi deVerb-Trans.
বিশ্বাস বা ভাৰষা কৰি কোনো বস্তু বা দায়িত্ব আনক দে।
to hand over something in good faith or confidence.
- সপিণ্ডsapiṇḍaNoun
এক পিণ্ডৰ লগৰ লোক; সাত পুৰুষলৈকে বঢ়া জ্ঞাতি বা বংশ
one descended form the same forefather; one within the seventh generation
- সপিণ্ডনsapiṇḍanaNoun
সপিণ্ডীকৰণ।
- সপিণ্ডিsapiṇḍiNoun
মৱতকৰ মাহেকীয়া শুদ্ধিৰ পাছ দিনা কৰা সপিণ্ডি- কৰণ কাৰ্য্য; . সপিণ্ডীকৰণ বি. মৱতকৰ বছৰেকীয়া শৰাধত তেওঁৰ পিণ্ড আগৰ পিতৱবিলাকৰ পিণ্ডেৰে সৈতে লগ লগোৰা কাৰ্য্য [ইয়াৰ দ্বাৰা মৱতক আগৰ পিতৱবিলাকৰ জ্ঞাতি হয়।]; বছৰেকীয়া
funeral ceremony performed on the expiry of one month form the death of a person ; ceremony of investing a person with the rights of relationship with a deceased person by offering the funeral cake
- সপুত্ৰকsaputrakaAdjective
পুত্ৰ থকা; পুত্ৰবন্ত; সন্তান থকা; . সপুত্ৰ-বান্ধৰে ক্ৰি. বিণ. ল'ৰা-ছোবালী আৰু মিতিৰ- কুটুমেৰে সৈতে
having a son ; with family, friends and relations
- সপুষ্পকxo.pus.pokProper Adj.
যিবিলাক উদ্ভিদৰ ফুল থাকে আৰু ফুলৰ জৰিয়তে বংশ বৃদ্ধি কৰে।
refers to the plant that has flowers and utilize flowers as their reproductive mechanism.
- সপোনsaponaNoun
সাৰে থকাৰ নিচিনাকৈ টোপনিত কোনো কাৰ্য্য কৰা বা বস্ত্ত দেখা যেন লগা; সামাজিক
a dream
- সপোন দেখ্xo.po’n dekhVerb-Intran.
শুই থকা অৱস্থাত সপোনৰ অভিজ্ঞতা হ
to experience an episode of dream.
- সপোনপুৰীxo.po’n.pu.riAbstract Noun
এক মনোৰম কিন্তু অবাস্তৱিক অৱস্হা বা কাল্পনিক ঠাই।
a pleasent but unrealistic situation that exists only in mind, a beautiful place imagined in dream.
- সপোনবিভোৰxo.po`n.bi.bho`rProper Adj.
কিবা চিন্তা কৰি আপোনভোলা হৈ থকা৷
a series of pleasant thoughts that distract one`s attention from the present.
- সপোনমগনxo.po`n.mo.gonProper Adj.
কিবা চিন্তা কৰি আপোনভোলা হৈ থকা৷
a series of pleasant thoughts that distract one`s attention from the present.
- সপোনমগ্নxo.po`n.mog.noProper Adj.
কিবা চিন্তা কৰি আপোনভোলা হৈ থকা৷
a series of pleasant thoughts that distract one`s attention from the present.