কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰ্ম্মাবতাৰ
মানুহৰ আকৱতি ধৰা ন্যায়-বিচাৰক; যি ধৰ্ম্ম আৰু পুণ্যক লক্ষ্য কৰি বিচাৰ কৰে; ৰজা বা বিচাৰকৰ্ত্তা লোকক সম্বোধন কৰা মাত
incarnation of justice; a word applied to a king, a judge, a magistrate, out of respect
- ধৰ্ম্মাবলম্বীAdjective
কোনো অক ধৰ্ম্ম অবলম্বন বা আশ্ৰয় কৰি থকা
following a particular religion
- ধৰ্ম্মিষ্ঠ
ধৰ্ম্মশীল।
- ধৰ্ম্মী
ধৰ্ম্মশীল।
- ধৰ্ম্মোত্তৰNoun
ধৰ্ম্ম পালন কৰিবলৈ মহন্তক দান কৰা মাটি
land granted to a Mahanta
- ধৰ্ম্মোন্মত্ত
নিজৰ ধৰ্ম্মক অতি প্ৰবলৰূপে বিশ্বাস কৰি আন ধৰ্ম্মৰ লোকক হিংসা কৰা মানুহ
a religious fanatic
- ধৰ্ম্মোপদেশ
ধৰ্ম্ম সম্পৰ্কীয় শিক্ষা; ধৰ্ম্ম, ন্যায় বা সদাচৰণৰ বিষয়ক শিক্ষা
moral or religious instruction
- ধৰ্ম্মোপদেশক
গুৰু; ধৰ্ম্ম বা সদাচৰণৰ বিষয়ে শিক্ষা দিওঁতা
religious or moral instructor
- ধৰ্ম্মৰাজ
মৰা মানুহৰ পাপ-পুণ্যৰ বিচাৰ কৰোঁতা; যমৰজা
the king of the dead
- ধৰ্ম্মৰায়dhorm.mo.rayProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- ধৰ্মৱন্তProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ধৰ্ষণdharṣaṇaNoun
উৎপীড়ন
oppression
- ধৰ্ষণ কৰ্dhor.xon korVerb-Trans.
বল প্ৰয়োগ কৰি যৌন সম্ভোগ কৰ্
to force to have sexual intercourse
- ধৰ্ষণকাৰীdhor.xon.ka.riCommon Noun
যিজন ব্যক্তিয়ে সন্মতিৰ অবিহনে আন এজনৰ সৈতে যৌনকৰ্মত লিপ্ত হয়।
a person who indulges in unconsented sexual act with another person.
- ধৰ্ষিতা
যি তিৰোতাৰ সতীত্ব বলপূৰ্ব্বক নষ্ট কৰা হৈছে।
- ধৰ্ষ্dharṣTransitive verb
মোহিত কৰ্; অভিভূত কৰ্; বশীভূত কৰ্
to enrapture; to overwhelm
- ধৰ্Verb-Trans.
আইন-শৃঙ্খলা উলঙ্ঘা কৰাৰ বাবে আৱদ্ধ কৰি ৰাখ্
to take into custody for violation of law and order
- ধৱdho.woCommon Noun
বৈবাহিক জীৱনৰ পুৰুষজন
a woman's partner in marriage; the male spouse
- ধৱতdhawataAdjective
ধৰা; ধৰি ৰখা; আটক কৰি ৰখা
held; caught; seized
- ধৱতিdhawatiNoun
ধৈৰ্য্য
patience