কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিগম্বৰdigambaraAdjective
দশোদিশেই যাৰ কাপোৰ, অৰ্থাৎ সমূলি উলঙ্গ
wholly naked
- দিগিধdigidhaAdjective
লিপা; লিপ খাই থকা; যেনে -"ৰুধিৰে দিগিধ দেহা কৰি ঘোৰ ধ্বনি" (অনাদি-পাতন)
besmeared
- দিগ্-বিদিগ্dig-bi.digAbstract Noun
পূৱকে আদি কৰি চাৰি ফাল আৰু সেইবোৰৰ মাজৰ চাৰি চুক, আঠ দিশ
The eight points of the compass
- দিগ্গজdiggajaNoun
পৱথিবীৰ আঠোটা চুকৰ একোটাত থকা বৰ ডাঙৰ কাল্পনিক হাতী, যেনে-(পূবৰপৰা ক্ৰমে ধৰি) ঐৰাবত, পুণ্ডৰীক, বামন, কুমুদ, অঞ্জন, পুষ্পদন্ত, সাৰ্ব্বভৌম, সুপ্ৰতীক
one of the eight elephants supposed to support the eight quarters of the globe
- দিগ্দৰ্শনdigdarśanaNoun
পৱথিবীৰ দিশবিলাক নিৰ্ণয় কৰা বা চিনোবা যন্ত্ৰ; কম্পাছ
a compass
- দিগ্দৰ্শন-যন্ত্ৰdigdarśana-yantraNoun
পৱথিবীৰ দিশবিলাক নিৰ্ণয় কৰা বা চিনোবা যন্ত্ৰ; কম্পাছ
a compass
- দিগ্বলয়digbalaẏaNoun
দিগন্ত
the horizon
- দিগ্বসনাdig.bo.xo.naProper Noun
শিৱৰ ভাৰ্যা, দুৰ্গাৰ এক মূৰ্তি৷ এই মূৰ্তি ক’লা, চতুৰ্ভুজ উলংগ আৰু সদাশিৱৰ বুকুত থিয় হৈ থাকে৷ ৰক্তবীজ নামৰ অসুৰক বধ কৰিবৰ কাৰণে দুৰ্গাই সেই ৰূপ ধাৰণ কৰাত তেওঁৰ খোজত পৃথিৱী বহি যোৱা দেখি মহাদেৱে তেওঁক বুকু পাতি ধৰে৷
Kali is a Hindu goddess associated with death and destruction. In Kali's most famous myth, Durga and her assistants, Matrikas, wound the demon Raktabija, in various ways and with a variety of weapons, in an attempt to destroy him. They soon find that they have worsened the situation, as for every drop of blood that is spilt from Raktabija the demon reproduces a clone of himself. The battlefield becomes increasingly filled with his duplicates.Durga, in dire need of help, summons Kali to combat the demons. It is also said that Goddess Durga takes the form of Goddess Kali at this time. Kali destroys Raktabija by sucking the blood from his body and putting the many Raktabija duplicates in her gaping mouth. Pleased with her victory, Kali then dances on the field of battle, stepping on the corpses of the slain. Her consort Shiva lies among the dead beneath her feet, a representation of Kali commonly seen in her iconography as Daksinakali'
- দিগ্বাসdigbāsaNoun
দিগম্বৰ।
- দিগ্বিজয়digbijaẏaNoun
ৰণত বা শাস্ত্ৰাদিৰ তৰ্কত বহু দেশৰ বীৰ আৰু পণ্ডিতৰ ওপৰত লভা জয়
universal conquest either by fighting or by display or scholarship
- দিগ্বিজয়ী
দিগ্বিজয় কৰোঁতা।
- দিগ্বিদিগdigbidigaNoun
আঠ দিশ
the eight points of the compass
- দিগ্ভ্ৰমdigbhramaNoun
দিশ সম্পৰ্কে ভ্ৰম।
- দিগ্মণ্ডলdigmaṇḍalaNoun
"দিগন্ত"ৰ
- দিগ্চৌdig.souProper Adj.
স্থান বা সময়ৰ হিচাপত আঁতৰত থকা
separated in space or time or coming from or going to a distance
- দিঙমণ্ডলding.moAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- দিচাংdi.sangMaterial Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ এই নৈ খন অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ বুম শৃংগৰ পৰা ওলাইছে৷ তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষেৰে বৈ আহি দিল্লী নৈ নাম লৈ নামৰূপৰ দিল্লীঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কি:মি: দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চল সীমাইদি বৈ লংপতীয়া হৈ টিমক নৈৰ লগ হয়৷ ইয়াৰ পৰা ৩০ কি:মি: পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক নৈৰ লগ হয়৷ তাৰ পাচত ১২ কি:মি: আহি চফ্ৰাই নৈৰ সৈতে লগ লাগি ৫ কি:মি: ভটিয়াই নঙলামৰা হৈ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৫ কি:মি: আহি আখৈফুটীয়াৰ বিপৰীত পাৰে বৰ পালেঙী জানৰ লগ হয়৷ তাৰ পাচত ডিমৌ নৈ লগ হৈ ৫ কি:মি: ভটিয়াই আহি দিচাংমুখত ব্ৰ্হ্মপুত্ৰত পৰিছে৷ দিচাং নৈ দীঘ ২৩০ কি:মি: আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কি:মি:
A tributary of Brahmaputra that flows through Tinsukia, Dibrugarh and Sibsagar district
- দিচৈ নদীdi.soi no.diMaterial Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ যোৰহাট জিলাৰ মাজেৰে বৈ গৈ জাঁজি নৈৰ লগ হৈ ব্ৰহ্মপুত্ৰত মিলিছে।
A tributory of Brahmaputra flowing through Jorhat district of Assam. Originating from Naga hills, meets Janji Noi and finally meets Brahmaputra.
- দিচৈ নৈdi.soi noiMaterial Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ যোৰহাট জিলাৰ মাজেৰে বৈ গৈ জাঁজি নৈৰ লগ হৈ ব্ৰহ্মপুত্ৰত মিলিছে।
A tributory of Brahmaputra flowing through Jorhat district of Assam. Originating from Naga hills, meets Janji Noi and finally meets Brahmaputra.
- দিঠকdiṭhakaNoun
চেতন অবস্হা; সাৰে থকা বা সপোন নেদেখা অবস্হা
the state of awaking as opposed to that of dreaming