কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জগতজননীjo.got.jo.no.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- জগতপতিjo.got.po.tiAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- জগতপিতাjo.got.pi.taAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- জগতায়ুjo.go.ta.yuAbstract Noun
কেইবাবিধো গেছীয় পদাৰ্থৰ এক বৰ্ণহীন, স্বাদহীন মিশ্ৰণ, য’ত প্ৰধানকৈ নাইট্ৰোজেন (প্ৰায় ৭৮ শতাংশ) আৰু অম্লজান বা অক্সিজেন (প্ৰায় ২১ শতাংশ) থাকে আৰু লগতে থাকে আৰ্গন, কাৰ্বন-ডাই-অক্সাইদ, হাইদ্ৰোজেন, নিয়’ন, হিলিয়াম আৰু অন্য কেতবোৰ গেছৰ সামান্য অংশ ৷ ভিন্ন পৰিমাণৰ জলীয় বাষ্প আৰু গোটা বস্তুৰ কণিকাৰে সৈতে এই মিশ্ৰণটোৱে পৃথিৱীখনক আৱৰি থাকে ৷
A colorless, odorless, tasteless, gaseous mixture, mainly nitrogen (approximately 78 percent) and oxygen (approximately 21 percent) with lesser amounts of argon, carbon dioxide, hydrogen, neon, helium, and other gases. This mixture with varying amounts of moisture and particulate matter, envelops the earth.
- জগতীjo.go.tiMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- জগতৰ আয়ুjagatara, āẏuNoun
বতাহ; বায়ু; যেনে-"অগনিৰ সখা ষিটো জগতৰ আয়ু" (মা. ক., সুন্দৰাকাণ্ড)।
- জগতৰ মূৰত ভৰি দিjagatara, mūrata, bhari, di
ৰাজপাটত উঠ্; ৰজা হ; যেনে-"দেব কোঞৰ কালত সেই ঠাইত আছিল, পাছে জগতৰ মূৰত ভৰি দি সেই ঠাইতে বাহৰ এখন কৰালে"
to be crowned as a king
- জগদগৌৰীjo.god.gou.riProper Noun
জৰৎকাৰু মুনিৰ ভাৰ্য্যা, বাসুকীৰ ভনীয়েক আৰু আস্তিক মুনিৰ মাক; নাগৰাণী
the snake-goddess, i.e. the goddess of the serpent tribe
- জগদম্বাjagadambāNoun
দুৰ্গা
a name of Durgā
- জগদাধাৰjagadādhāraNoun
পৰমেশ্বৰ; যি জগতৰ ধৰি আছে
God
- জগদীশjagadīśaNoun
পৰমেশ্বৰ
God
- জগদীশ্বৰjagadīśbaraNoun
পৰমেশ্বৰ
God
- জগদ্গুৰুjagadguruNoun
পৰমেশ্বৰ
God
- জগদ্দলjo.god.dolProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- জগদ্ধাত্ৰীjagaddhātrīNoun
দুৰ্গা
a name of Durgā
- জগদ্বলjo.go.dwolAbstract Noun
কেইবাবিধো গেছীয় পদাৰ্থৰ এক বৰ্ণহীন, স্বাদহীন মিশ্ৰণ, য’ত প্ৰধানকৈ নাইট্ৰোজেন (প্ৰায় ৭৮ শতাংশ) আৰু অম্লজান বা অক্সিজেন (প্ৰায় ২১ শতাংশ) থাকে আৰু লগতে থাকে আৰ্গন, কাৰ্বন-ডাই-অক্সাইদ, হাইদ্ৰোজেন, নিয়’ন, হিলিয়াম আৰু অন্য কেতবোৰ গেছৰ সামান্য অংশ ৷ ভিন্ন পৰিমাণৰ জলীয় বাষ্প আৰু গোটা বস্তুৰ কণিকাৰে সৈতে এই মিশ্ৰণটোৱে পৃথিৱীখনক আৱৰি থাকে ৷
A colorless, odorless, tasteless, gaseous mixture, mainly nitrogen (approximately 78 percent) and oxygen (approximately 21 percent) with lesser amounts of argon, carbon dioxide, hydrogen, neon, helium, and other gases. This mixture with varying amounts of moisture and particulate matter, envelops the earth.
- জগদ্বিখ্যাতjo.go.di.khyatProper Adj.
গোটেই পৃথিৱীতে জনাজাত
famous all over the world
- জগধাতাjagadhātā
জগতৰ বিধাতা; পৰমেশ্বৰ
God
- জগনিবাসjaganibāsaNoun
পৰমেশ্বৰ; যেনে-"দেখে বসি আছে জগনিবাস" (কীৰ্ত্তন)।
- জগন্নথীয়াjagannathīẏāNoun
জগন্নাথ ক্ষেত্ত্ৰ বা পুৰীৰপৰা অনা; যেনে-"জগন্নথীয়া মলা"
brought from the Jagannatha temple of Puri