কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইচ্ছা-পত্ৰicchā-patraNoun
সম্পত্তিৰ উত্তৰাধিকাৰৰ নিৰ্দ্দেশসূচক দলিল; উইল
will
- ইচ্ছা-ভেদীNoun
যি দৰবৰ দ্বাৰা নিজ খুছিমতে কমকৈ বা বেছিকৈ ভেদ কৰাব বা পেট চলাৰ পাৰি
a purgative or laxative
- ইচ্ছা-মাত্ৰকতেAdverb
ইচ্ছা কৰিলেই; যেতিয়া ইচ্ছা কৰে তেতিয়াই
just when desired; at will
- ইচ্ছা-শক্তিis.sa-xok.tiVerbal Noun
যি ইচ্ছা তাকে কৰিব পৰা ক্ষমতা
the power of doing according to wish
- ইচ্ছাকৃতis.sa.kri.toVerbal Adj.
নিজৰ ইচ্ছা অনুসৰি কৰা।
an action which was performed consciously, realizing its nature and results.
- ইচ্ছাকৃতভাৱেis.sa.kri.to.bha.beAdverb
কোনো কথা জনাৰ পিচতো |
With full knowledge and deliberation.
- ইচ্ছাধীনAdjective
ইচ্ছা বা খুছিমতে কৰা; মন গ'লে কৰা আৰু মন নগলে নকৰা
subject to one's pleasure; optional
- ইচ্ছাপত্ৰis.sa.po.troAbstract Noun
মৃত্যুৰ পিছত পূৰণ কৰিব লগীয়া নিজৰ মনোবাঞ্ছা লিপিবদ্ধ কৰা এখন নথি
a written document of one`s desire to be fulfilled after death
- ইচ্ছাপূৰ্ণis.sa.pur.noProper Adj.
ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা
impatiently wanting to know/have more of something
- ইচ্ছাপ্ৰণোদিতis.sa.pro.no.di.toVerbal Adj.
নিজৰ ইচ্ছা অনুসৰি কৰা।
an action which was performed consciously, realizing its nature and results.
- ইচ্ছামতProper Adj.
বিশেষ কাৰণ নোহোৱাকৈ, ব্যক্তিগত ইচ্ছা অনুসৰি লোৱা বা কৰা
based on whim or personal preference, without reason
- ইচ্ছামতেAdverb
ইচ্ছা অনুসাৰে; যেনে ইচ্ছা তেনেকৈ; স্বাধীনভাবে; নিজ খুছিমতে
according to one's wish; freely
- ইচ্ছামাত্ৰেAdverb
ইচ্ছা কৰিলেই; যেতিয়া ইচ্ছা কৰে তেতিয়াই
just when desired; at will
- ইচ্ছামৃত্যুAbstract Noun
নিজৰ কামনা অনুসৰি বৰণ কৰা মৃত্যু
desiring the death of oneself, willful death
- ইচ্ছাময়Adjective
ইচ্ছা কৰিলেই কোনো কাৰ্য্য কৰিব পৰা; যিহকে ইচ্ছা কৰে তাকে কৰিব পৰা
having the power to do anything at pleasure (an epithet of God)
- ইচ্ছুকicchukaAdjective; Noun
ইচ্ছা কৰে; ৰাজী; সম্মত; আগ্ৰহ থকা
desirous; agreeable; eager
- ইচ্ছ্icchTransitive verb
বাঞ্ছা কৰ্; কামনা কৰ্
to wish; to desire
- ইছমাইল ছিদ্দিকis.mail sid.dikProper Noun
বাঘ হাজৰিকাৰ জন্ম হৈছিল অসমৰ গঁড়গাঁৱৰ ওচৰৰ ঢেকেৰীগাঁওত৷ আচল নাম আছিল ইছমাইল ছিদ্দিক৷ এদিন এটা বাঘ তেওঁ গাঁৱলৈ সোমাই অহাত তেওঁ উকা হাতেৰেই বাঘটো হত্যা কৰে৷ এই বাতৰি আহোম ৰজা চক্ৰধ্বজ সিংহৰ কাণত পৰে আৰু ৰজাই তেওঁক প্ৰতিভা দেখুৱাবলৈ ৰাজসভালৈ নিমন্ত্ৰণ কৰে৷ ৰজাই তেওঁৰ বীৰত্ব দেখি প্ৰশংসা কৰে আৰু তেওঁক এহেজাৰজন পাইকৰ তলত হাজৰিকা পদবী দিয়ে৷ তেতিয়াৰ পৰাই ইছমাইল ছিদ্দিকৰ নাম বাঘ হাজৰিকা হয়৷
A charecter in Ahom Kingdom. A 17th-century figure from Assam, known for his valor. He was born at Dhekerigaon village near Garhgaon. Once a tiger had entered his village and Ismail Siddique, who was literally unarmed, killed the tiger. The news of this valour reached the Ahom king Chakradhwaj Singha and he called the young man to his court to display his strength. The king was impressed by the show of strength, the king appointed him a Hazarika, an Ahom office in charge of 1000 paiks.
- ইছলামichalāmaNoun
হজৰত মহম্মদৰ দ্বাৰা প্ৰবৰ্তিত ধৰ্ম্ম।
- ইছলামাবাদis.la.ma.badProper Noun
পাকিস্থানৰ ৰাজধানী৷ ইছলামাবাদ-ৰাউলপিণ্ডি যুৰীয়া চহৰ৷ মুঠ জনসংখ্যা ৪৫ লাখ৷
Islamabad is the national capital city of Pakistan located within theIslamabad Capital Territory. According to a 2012 estimate by the Census Department, the population of Islamabad including its surrounding territory has increased to 2 million and together with its neighbouring twin city of Rawalpindi, the greater Islamabad-Rawalpindi metropolitan area is the third largest conurbation in Pakistan with a population of over 4.5 million inhabitants.