কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পল্টনীয়া পল্টনৰAdjective
পল্টন-সম্পৰ্কীয়
military
- পল্টন্palṭan
[ইং. . বি. এক নিৰ্দ্দিষ্ট সংখ্যাৰ সৈন্যৰ দল
platoon ; a subdivision of company or soldiers
- পল্যানMaterial Noun
ঘোঁৰা অথবা আন জন্তুৰ পিঠিত লগোৱা মানুহ বহিব পৰা আসন ।
A seat for a rider on the back of a horse or other animal.
- পল্লবpallabaNoun
নতুন পাত; কোঁহ
a new leaf; a bud
- পল্লবগ্ৰাহীpallabagrāhīAdjective
নানা বিষয়ত অলপ অলপ জ্ঞান থকা কিন্ত্ত গভীৰ বিদ্যা নথকা।
- পল্লবাধাৰMaterial Noun
গছ-গছনিৰ গা-গছৰ শাখা
Limb of a tree or bough
- পল্লবিতAdjective
কুঁহি পাত ধৰা; কুঁহি পাত থকা
full of new leaves and sprouts
- পল্লব্pallabIntransitive verb
পানীৰে উপচি পৰ্; পানীৰে তল যা; যেনে-"বাৰিষাৰ জলে যেন গঙ্গা পল্লবিল" (শঙ্কৰ-চৰিত)
to be overflown with water
- পল্লাpol.laProper Noun
ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river.
- পল্লৱpol.lobMaterial Noun
ডাঙৰ গছৰ কোনো অংশৰ পৰা নতুনকৈ গজা গছ৷
a new or young growth that shoots off from some portion of a plant.
- পল্লৱগ্ৰাহিতাpol.lob.gra.hi.taAbstract Noun
বিভিন্ন বিষয়ত কিঞ্চিৎ জ্ঞান থকা, কিন্তু কোনো বিষয়তে পাৰ্গত নোহোৱা গুণ
the quality of being jack of all tricks but master of none
- পল্লৱগ্ৰাহীpol.lob.gra.hiProper Adj.
নানা বিষয়ত অলপ অলপ জ্ঞান থকা কিন্তু গভীৰ বিদ্যা নথকা
jack of all tricks but master of none
- পল্লৱিতpol.lo.bi.toProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- পল্লৱীpol.lo.biCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- পলয়াNoun
পল বাওঁতা
a man who catches fish with a fishing basket
- পলৰীয়াpalarīẏāAdjective
পলোবা; গোপনে স্হানান্তৰ হোবা; পলাই যোবা বা অহা
fugitive; absconding; eloping
- পশনpo.xonVerbal Noun
ভিতৰত প্ৰৱেশ কৰা কাৰ্য্য ৷
(an) act of coming in or going in.
- পশুpaśuNoun
চাৰি-ঠেঙীয়া জন্ত্ত
a beast
- পশু চিকিৎসাpo.xu si.kit.saProper Adj.
মানুহৰ বাহিৰে অন্য জীৱ-জন্তুৰ ভেষজবিদ্যা, শল্য চিকিত্সা, জন-স্বাস্থ্য, দন্তচিকিত্সা, ৰোগ-নিৰূপণ আৰু ৰোগ-নিৰাময় আদি বিষয়ৰ প্ৰায়োগিক দিশৰ সৈতে জড়িত চিকিত্সা বিজ্ঞান সম্পৰ্কীয়।
of or pertaining to the medical science which deals with the application of medical, surgical, public health, dental, diagnostic, and therapeutic principles to non-human animals.
- পশু চিকিৎসালয়po.xu si.kit.sa.loyMaterial Noun
জীয়-জন্তুক, বিশেষকৈ ঘৰচীয়া জীৱ-জন্তুক ভেষজ আৰু শল্য চিকিত্সা প্ৰদান কৰা ঠাই বা ঘৰ।
a place or home where medical and surgical treatment are provided to animals, esp. domesticated animals.