কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উধাও হu.dhao` hoVerb-Trans.
(কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
to run away from (a place, danger, etc)
- উধাতুudhātuAdjective
(ভয়ত বা শ্ৰমত) ধাতু, উৰি যোবা সদৱশ; নিধাতু; বিচেষ্টা; বিতৎ; নিৰুশ্বাস
out of breath from labour or fright; breathless; excessively eager
- উধাতু খা
বিতত হ; নিৰুশ্বাস হ
to be out of breath from fright or labour to be distracted
- উধানudhānaNoun
তলত জাল দিব পৰাকৈ চৰু আদি পাত্ৰ দাঙি ধৰি থকা মাটিৰ চপৰা
clod of earth used for supporting a vessel when cooking
- উধাবতudhābataAdjective
উত্ৰাবল; ডেও পৰা; উতনুবা
restless
- উধাৰudhāraNoun
উঠনা; কালিয়ন; পাছে দাম দিবলৈ বস্ত্ত কিনা
purchase on credit
- উধাৰ খা
উঠনা খা; পাছে দাম দিয়া বন্দবস্তত বস্ত্ত কিন্; কালিয়নে কিন্
to purchase on credit
- উধাৰ পলাudhāra, palāAdjective
পৰস্পৰ সহায় কৰা; ইজনে সিজনক পাল পাতি সহায় কৰা
mutually assisting; helping each other by turns
- উধাৰ্udhārTransitive verb
উদ্ধাৰ্।
- উধাৱতu.dha.wotProper Adj.
আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
unable to be stationary and focused as very lively and energetic
- উনবিংশu.no.bing.xoAbstract Noun
ন আৰু দহ যোগ কৰি পোৱা মৌলিক সংখ্যাটো|
The cardinal number equal to ten plus nine.
- উনবিংশতিu.no.bing.xo.tiAbstract Noun
ন আৰু দহ যোগ কৰি পোৱা মৌলিক সংখ্যাটো|
The cardinal number equal to ten plus nine.
- উনবিংশতিতমu.no.bing.xo.ti.tomAbstract Noun
ন আৰু দহ যোগ কৰি পোৱা মৌলিক সংখ্যাটো|
The cardinal number equal to ten plus nine.
- উনাunāIntransitive verb
সতৰ্ক হৈ শুন্; কাণ পাতি সজাগ থাক্, "পৰ্ব্বতৰ নিৰ্ঝৰৰ নাদ শুনি আতি। গোপগণ সমে উনায়ন্ত কাণ পাতি" (দশম)
to keep awake; to be attentive
- উনিuniNoun
পাট-সূতা লোবা বাঁহৰ কাঠীৰ সঁজুলি
a reel for winding silk
- উনি-শলাuni-śalāNoun
সূতা লোবা কাঠী
a stick for winding thread on
- উনিকৰunikara
সৰ্ব্ব, তেওঁলোকৰ।
- উনিন্দunindaAdjective
নিদ্ৰাশূন্য; সদায় জাগ্ৰত; জাগি থকা; যেনে-"পদ-অৰবিন্দ; উনিন্দ গোবিন্দ; হৱদি-পঙ্কজ ধৰু ভাই' (ভটিমা)
devoid of sleep; ever wakeful
- উনিয়াIntransitive verb
উনিত পাট-সূতা ল; . তাঁত বাঁটি কৰোঁতে সূতা অনা-নিয়া কৰ্।
to wind silk on a reel
- উনুকAbstract Noun
অৰ্থৰ ক্ষেত্ৰত সহমতৰ ভিত্তিত ব্যৱহৃত শব্দৰে, অঙ্গি-ভঙ্গিৰে বা লিখিত ৰূপত প্ৰকাশ কৰা কোনো চিহ্ন
sound, gesture or written symbol with an agreed upon meaning