কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাইবেৰিয়াsai.be.ri.yaProper Noun
এচিয়া মহাদেশৰ উত্তৰাঞ্চলত এক বৃহৎ ভৌগালিক অঞ্চল৷ ঐতিহাসিক ভাৱে ই ৰুচ দেশৰ অন্তৰ্গত৷
Siberia is an extensive geographical region, and by the broadest definition is also known as North Asia. Siberia has been historically part of Russia since the seventeenth century.
- চাউডাংcāuḍāmNoun
টাঙন বা অস্ত্ৰধাৰী; আহোম ৰজাৰ দিনৰ এটা খেলৰ নাম; এই মানুহ ৰজাৰ গা-চোবা সেনা . আছিল আৰু দোষী লোকক ইহঁতৰ হতুবাই বধ কৰাইছিল।]
(body-guard) ; a class of public executioners or royal body-guards of the Ahom regime
- চাউনিsa.u.niAbstract Noun
অস্থায়ী ঘৰ, তম্বু আদি য’ত সৈন্য, ভ্ৰমণকাৰী আদিয়ে থিতাপি লয়৷
A place where tents, huts, or other temporary shelters are set up, as by soldiers, nomads, or travelers.
- চাউলcāulaNoun
বাকলি বা চোকোৰা গুচোবা ধান
rice; husked paddy. Oriza sativa
- চাউল উঠ্
জীবিকাৰ স্হল নাইকিয়া হ
to be deprived of one's means of livelihood
- চাউল মাৰ্
জীবিকাৰ উপায় নষ্ট কৰ্
to deprive of the means of livelihood
- চাউল মোকলা
জীবিকা উপাৰ্জ্জন কৰ্
to earn a livelihood
- চাউল মৰ্
জীবিকাৰ উপায় নষ্ট হ
to be deprived of the means of livelihood
- চাউল সিজোবাNoun
সিজোবা চাউল; ভাত
boiled rice
- চাউল সিজোৱাsa.ul xi.jo`.waCommon Noun
ৰান্ধি খাদ্য হিচাপে গ্ৰহণ কৰা দক্ষিণ এছিয়াৰ ঘাঁহ জাতীয় শস্য ’অৰাইজা চেটাইভা’ৰ শৰ্কৰাযুক্ত গুটি
the starchy seeds of an annual southeast Asian cereal grass, Oryza sativa that are cooked and used for food
- চাউল-কঠীয়াAdjective
ডাঙৰ; একঠা চাউলৰ ভাত খাবলৈ জোৰা (সৰু মাছত); যেনে-"চাউল-কঠীয়া পুঠি মাছ এজনী পালোঁ।" চাউল খা ভোগ্ কৰ্; যেনে-"আমি তিনজনা ৰজাৰ চাউল খাইছো"
to be supported; to enjoy livelihood
- চাউলখোৱাsaul.kho`.waProper Noun
ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river.
- চাউলধোৰাNoun
এবিধ সৰু গছ
a kind of plant
- চাউলধোৱাsaul.dho`.waCommon Noun
এবিধ বনৰীয়া গছৰ গুটি
Seed of a plant that grows in forest
- চাউলীয়াcāulīẏāNoun
ভালকৈ নিসিজা; চাউল যেন হৈ থকা আধা-ফুটা (ভাত)
not well boiled; half-boiled
- চাউল্ টুট্
চাউল উঠ্; আয়ুস ঢুকা; মৰণৰ ওচৰ চাপ্; মৰ্
to be about to die; to die
- চাউলৰ মল্sau.lor molMaterial Noun
ধানৰ পৰা চাউল উলিওৱাৰ পিছত ৰৈ যোৱা ধানৰ বাকলিৰ ডাঙৰ গুৰি
The remaining bigger pieces of husk after the grain has been recovered
- চাও-চকলীয়াcāo-cakalīẏāAdjective
পোন চাৰি সীমাৰে চাৰিচুকীয়া; চৌ-চকলীয়া
rectangular
- চাওঁতাsao~.taCommon Noun
people watching a visual performance either in person or through electronic media like television
- চাওঁতে চাওঁতেcāom̐te, cāom̐teAdverb
দেখোঁতে দেখোঁতে; চকুৰ আগতে; খন্তেকতে; অবিলম্বে
very shortly; instantly