কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাংকাকতিsang.ka.ko’’.tiProper Noun
আহোম ৰজাসকলৰ শোৱনি কোঠাত সোমোৱাৰ অধিকাৰ পোৱা এক বিশ্বস্ত বিষয়া। অসমৰ এটা উপাধি বিশেষ।
A trustworthy personal officer of the Ahom kings, having access to kings` bedroom. Now, it is a surname of Assam.
- চাংঘৰ
ওখ আৰু গোটেই ঘৰ জুৰি চাং থকা ঘৰ
a house with a raised platform
- চাংপোProper Noun
ব্ৰহ্মপুত্ৰ আগলি ভাগ চাংপো নৈ, এই নৈ উৎপত্তি তিব্বতৰ কৈলাস পৰ্বতৰ চেমা-যুদুং নামৰ হিমবাহৰ পৰা হৈছে, ইয়াৰ স্থানৰ উচ্চ্তা ৫১৫০ মিটাৰ৷
The Yarlung Tsangpo is the Tibetan language name of the part of Brahmaputra river that flows through Tibet.
- চাংমাইcāmmāiNoun
এটা খেলৰ নাম [এই খেলৰ মানুহৰপৰা আহোম ৰজা আৰু ডাঙৰ লোকসকলৰ ভাত-ৰান্ধনি হৈছিল।]
a class of men whose duty was to cook for the Ahom kings and other noblemen
- চাংমাই-শাল
আহোমবিলাকৰ ৰান্ধনি-ঘৰ
a kitchen of the Ahoms
- চাংমাইশালsang.mai.xalAbstract Noun
এটা ঘৰৰ যিটো কোঠাত ৰন্ধন কাৰ্য্য কৰা হয়।
the quarter of a house where cooking is carried out or designed for cooking food.
- চাই-বাইcāi-bāiNoun
ল'ৰা-ছোবালীৰ এটা ধেমালি।
- চাই-মাইcāi-māiNoun
ল'ৰা-ছোবালীৰ এটা ধেমালি।
- চাইকেলcāikela
[ইং. ] বি. বাইচাইকেল; এবিধ দুটা চকা থকা যান।
cycle
- চাইকেল ৰিক্সাsai.kel rik.saMaterial Noun
সৰু, পাতল তিনিচকীয়া বাহন৷ চালকে ইয়াক টানি নিয়ে৷
a small, light vehicle with three wheels to carry passengers (and goods) and is pulled by somebody.
- চাইখালেcāikhāleNoun
চাকি-শলাই।
- চাইচিতিsai.si.tiAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- চাইটনীয়াcāiṭanīẏāNoun
কাপোৰৰ চাৰি চুক একেলগে বান্ধি কৰা জোলোঙা
a bag made by tying together the four corners of a piece of cloth
- চাইটাcāiṭāNoun
চাৰিগোট
four pieces, heads or numbers
- চাইটীয়াAdjective
চাৰিটা থকা
containing four
- চাইনAdjective
the ratio of the side opposite a given acute angle to the hypotenuse.
- চাইনবোৰ্ডsain.bo``rdMaterial Noun
দোকান, প্ৰতিষ্ঠান আদিৰ নাম দেখুউৱা ফলক
a board displaying the name of a shop, institution etc
- চাইপ্ৰাছsai.prasProper Noun
ভূমধ্য সাগৰৰ এখন দ্বীপৰাষ্ট্ৰ৷ইউৰোপীয়াল ইউনিয়নৰ অন্তৰ্ভূক্ত।
Cyprus, officially the Republic of Cyprus, is an island country in the Eastern Mediterranean Sea. Cyprus is the third largest and third most populous island in the Mediterranean, and a member state of the European Union.
- চাইবাৰ-কাফেsai.bar-ka.phe`Abstract Noun
ইন্টাৰনেট সংযোগৰ সুবিধা থকা কম্পিউটাৰ কেন্দ্ৰ, যত ভাৰাৰ বিনিময়ত ইন্টাৰনেট সেৱা লব পাৰি৷
A center with internet connections where one can pay on hourly basis to browse the internet or use desktop computer for other purposes.
- চাইবাৰ-জগতsai.bar-jo.gotAbstract Noun
যোগাযোগৰ অত্যাধুনিক ব্যৱস্থা,ইয়াৰ দ্বাৰা বিশ্বৰ অন্যান্য কম্পিউটাৰৰ লগত সংযোগ কৰিব পাৰি৷
An interconnected system of networks that connects computers around the world via the TCP/IP protocol.