কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পদ্যতpo.dyotProper Adj.
পদ্যৰ বান্ধনিত বা পদ-ছন্দত
as in a poem or part of a verse
- পদ্যবন্ধAbstract Noun
একাধিক শব্দ বা সিবিলাকৰ শেষৰ আখৰৰ ধ্বনিৰ মিল, বিশেষকৈ কাব্য বা কবিতাৰ ক্ষেত্ৰত
Identity of sound between words or their endings, esp. in verse or poem
- পদৰজpadarajaNoun
ভৰিৰ ধূলি; পদ-ধূলি
dust of the foot
- পনপইনাProper Adj.
কোনো ভাঁজ, কোণ, বেঁকা অংশ বা বিষমতা নথকা; প্ৰত্যক্ষ বা উপযুক্ত, পথ বা প্ৰক্ৰিয়া লোৱা বা ধাৰণ কৰা
free from curves, bends, angles, or irregularities; lying along or holding to a direct or proper course or method
- পনিয়লpaniẏalaNoun
গা-গছত থোপা-থোপে কাঁইট থকা সৰু সৰু পাতেৰে এবিধ সৰু গছ
a kind of plum and its fruits; flacourtia catapharacta
- পনিৰpaniraNoun
নিমখ দি ৰখা ছানা।
- পনীয়লpo.ni.yolCommon Noun
এবিধ পকিলে জামুবুলীয়া হোৱা ফল৷ ইয়াক হাতেৰে পিটিকিলে কোমল হয়৷ এতেকে তাক সংস্কৃতত কৰমৰ্দ্দ বোলা হয়৷
A kind of small and round fruit and its tree. Raw fruits are green in colour, but ripe fruits looks like readish brown. The trees are big in size.
- পনীয়াpanīẏāAdjective
পানীৰ নিচিনা; জুলীয়া; পানীৰে মিহলি
watery; liquid; mixed with water
- পনৌনৌবাpanaunaubāNoun
এবিধ বন-শাক
a kind of herb which is sometimes used as curry
- পনৌনৌৱাpo.nou.nou.waProper Noun
এবিধ সৰু আৰু কোমল পাতৰ বনশাক ৷
A kind of small pot herbs plant. Its stem and leaves are very soft .
- পন্তাpon.ta
এৰাতি বা দিনতে অলপ দীঘলীয়া সময়ৰ বাবে পানীত তিয়াই থৈ খোৱা ভাত৷ এনে ভাতত সাধাৰণতে নিমখ, মিঠাতেল সানি কেঁচা জলকীয়া, পোৰা আলু বা সৰু পোৰা মাছৰ লগত খোৱা হয়৷
cooked rice kept in water for a night(sometimes for long hours within the day). It is then taken out of water,mixed with salt, mustard oil, green chilly and sometimes with grilled/broiled small fish.
- পন্তা ভাতCommon Noun
এৰাতি বা দিনতে অলপ দীঘলীয়া সময়ৰ বাবে পানীত তিয়াই থৈ খোৱা ভাত৷ এনে ভাতত সাধাৰণতে নিমখ, মিঠাতেল সানি কেঁচা জলকীয়া, পোৰা আলু বা সৰু পোৰা মাছৰ লগত খোৱা হয়৷
cooked rice kept in water for a night(sometimes for long hours within the day). It is then taken out of water,mixed with salt, mustard oil, green chilly and sometimes with grilled/broiled small fish.
- পন্থpanthaNoun
পথ; বাট।
- পন্থাpanthāNoun
বাট; উপায়
way
- পন্থীponthiSuffix
কোনো বিশেষ ভাৱধাৰা মানি চলা লোক, যেনে - উগ্ৰ<u>পন্থী</U>, নৰম<u>পন্থী</u>
refers to belonging to a particular ideology or community; e.g. extrem<u>ist</u>, seperat<u>ist</u>.
- পন্থুকpanthukaNoun
পথিক; বাটৰুবা
a traveller
- পন্নগpon.nogCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- পন্নগাশনpon.no.ga.xonProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- পনৰুpanaruNoun
ৰাম খেতিত হোবা দীঘলীয়া গোটা পাতেৰে এবিধ উগ্ৰগন্ধী মূল
Onion; Allumcepa or ascalanicum
- পপীয়াpapīẏāAdjective
পাপী; অধৰ্ম্মী
sinful