কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাষাগুচ্ছAbstract Noun
বৈজ্ঞানিকভাবে বৈদ্যুতিন ৰূপত সংগ্ৰহ কৰা ভাষাৰ লিখন আৰু কথন নমুনাৰ সংকলন।
Digital collection of the written or spoken forms of language, which specifically used in the field of computational lingusitics.
- ভাষাগোষ্ঠীCommon Noun
একে মূলৰপৰা উদ্ভৱ হোৱা ভাষাবোৰৰ সমষ্টি
a group of genetically related languages that share a kinship by virtue of having developed from common ancestor
- ভাষাতত্ত্বAbstract Noun
পাঠ্য সমালোচনা, সাহিত্য সমালোচনা, ইতিহাসৰ সংযোগস্থল হৈছে ভাষাবিজ্ঞান, ই মৌখিক আৰু লিখিত ঐতিহাসিক উৎসৰ পৰা ভাষা অধ্যয়ন কৰে আৰু ইয়াৰ ব্যুৎপত্তিবিজ্ঞানৰ সৈতে শক্তিশালী সম্পৰ্ক আছে৷
the intersection of textual criticism, literary criticism, history, and linguistics. It studies language in oral and written historical sources and has strong ties to etymology.
- ভাষাতত্ত্ববিদCommon Noun
সাহিত্য বিশ্লেষণৰ জৰিয়তে ভাষাৰ ইতিহাস অধ্যয়ন কৰা ব্যক্তি৷
someone who studies the history of languages, mainly through analyzing
- ভাষাতত্বbha.xa.tot.twoAbstract Noun
ভাষাৰ বৈজ্ঞানিক অধ্যয়ন৷
The scientific study of languages
- ভাষাতত্ববিদbha.xa.tot.wo.bidCommon Noun
ভাষাতত্ত্ব অধ্যয়ণ কৰা বা ভাষাতত্ত্বত পাৰদৰ্শী ব্যক্তি
one who studies linguistics, an expert in linguistics
- ভাষাতাত্বিকbha.xa.ta.twikCommon Noun
ভাষাতত্ত্ব অধ্যয়ণ কৰা বা ভাষাতত্ত্বত পাৰদৰ্শী ব্যক্তি
one who studies linguistics, an expert in linguistics
- ভাষান্তৰ কৰ্bha.xan.tor korVerb-Trans.
অৰ্থৰ সালসলনি নকৰাকৈ কোনো পাঠৰ ভাষা আন এক ভাষালৈ পৰিৱৰ্ত্তন কৰ্
to change the language of a text to another without affecting the meaning
- ভাষান্তৰকৰণbha.xan.tor.ko.ronAbstract Noun
কোনো লিখনিৰ ভাষা অন্য এটা ভাষালৈ সলনি কৰা কাৰ্য্য
the act of changing the language of a text to another language
- ভাষান্তৰণbha.xan.to.ronAbstract Noun
কোনো লিখনিৰ ভাষা অন্য এটা ভাষালৈ সলনি কৰা কাৰ্য্য
the act of changing the language of a text to another language
- ভাষান্তৰিকbha.xan.to.rikCommon Noun
দুজন ভিন্ন ভাষা-ভাষীৰ মাজত হোৱা কথা-বতৰা মৌখিকভাৱে ভাঙনি কৰি পৰস্পৰক বুজাই দিয়া মানুহ
A person who provides an oral translation between speakers who speak different languages.
- ভাষান্তৰিতbha.xan.to.ri.toProper Adj.
যাক অনুবাদ কৰা হ’ল৷
which has been translated
- ভাষাপ্ৰেমAbstract Noun
ভাষাৰ প্ৰতি থকা প্ৰেম
the love of language
- ভাষাবিজ্ঞানbha.xa.big.gyanAbstract Noun
ভাষাৰ বৈজ্ঞানিক অধ্যয়ন৷
The scientific study of languages
- ভাষাবিদbha.xa.bidCommon Noun
ভাষাতত্ত্ব অধ্যয়ণ কৰা বা ভাষাতত্ত্বত পাৰদৰ্শী ব্যক্তি
one who studies linguistics, an expert in linguistics
- ভাষাভাষীCommon Noun
কোনো এক নিৰ্দিষ্ট ভাষা কোৱা লোকসকল
speakers of a given language
- ভাষাৰ অধিকাৰba.xar o.dhi.karAbstract Noun
কোনো ব্যক্তি বা গোটক ঘৰুৱা বা ৰাজহুৱা ক্ষেত্ৰত তেওঁলোকৰ নিজ ভাষা ব্যৱহাৰ কৰা, শিকা, সেই ভাষাত শিক্ষালোৱা, চৰকাৰী (প্ৰশাসনিক,আইন আদি), ব্যৱসায়িক কাম কাজৰ লগতে গণমাধ্যমত ব্যৱহাৰ কৰিবলৈ প্ৰদান কৰা এক সামাজিক/দেৱানী আৰু মানৱ অধিকাৰ৷ সমাজ ভাষাবিজ্ঞান, ৰাজনীতি বিজ্ঞান, আইন আৰু মানৱ অধিকাৰৰ সমূহীয়া দিশৰ পৰা এই বিষয়টো অধ্যয়ন কৰা হয়৷
civil and human rights allowing individuals and groups to freely choose the language(s) for communication in private and public domains for all areas of communication. These include the person(s)’ right to learn their own language in both formal and informal contexts and use the freely chosen language(s) as medium of academic instruction, for communication in administrative, legal, business matters and media.
- ভাষিকbha.xikProper Adj.
ভাষা বা ভাষাতত্ব সম্বন্ধীয়
related to linguistics or languages
- ভাষিক পক্ষপাতিত্বbha.xik po.khyo.pa.tit.twoAbstract Noun
আন কাৰোবাৰ ভাষাৰ নিৰ্বাচন আৰু ব্যৱহাৰক ভিত্তি কৰি তেওঁ(লোক)ৰ স্বভাৱ, শিক্ষা, সামাজিক মৰ্যাদা, অৰ্থনৈতিক অৱস্থা আদিৰ বিষয়ে আন কোনোবাই পোষণ কৰা পক্ষপাতমূলক, অপকাৰী বিচাৰ বা তেনেদৰে কৰা মন্তব্য৷
having or making prejudiced judgments about another`s wealth, education, social status, character etc. based on choice and use of language by the other person(s).
- ভাষিক বৈষম্যbha.xik boi.xo.myoAbstract Noun