কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংকেতোদ্ধাৰVerb-Trans.
সংকেতৰ পৰা পাঠোদ্ধাৰ কৰ্
to translate or convert from code into intelligible one
- সংকোচxong.ko`sAbstract Noun
সন্দেহযুক্ত বা অনিশ্চিত অৱস্থা; মানসিক অনিশ্চয়তা বা ভয়ৰ কাৰণে হোৱা বিলম্ব।
a state of doubt or uncertainty; a delay due to uncertainty of mind or fear.
- সংকোচ কৰ্xong.ko`s korVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- সংকোচনxong.ko`.sonVerbal Noun
কোঁচ খোৱা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process of shrinking
- সংকোচনশীলxong.ko’.son.xilProper Adj.
যাক সংকুচিত কৰিব পৰা যায় বা যাৰ আয়তন হ্ৰাস কৰিব পাৰি
somethings that can be compressed or whose volume can be reduced
- সংকোচবোধ কৰ্xong.ko`s.bo`dh korVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- সংকোষকেন্দ্ৰীয়xong.ko`x.ken.dri.yoProper Adj.
সুস্পষ্ট আৱৰণযুক্ত কোষকেন্দ্ৰ আৰু কোষপ্ৰৰসত সুনিৰ্দ্দিষ্ট কোষ অংগিকা থকা, অধিকাংশ উচ্চখাপৰ উদ্ভিদ আৰু প্ৰাণীকোষৰ চৰিত্ৰ বিশিষ্ট যিকোনো জীৱৰ বা জীৱ সম্পৰ্কীয়
of or pertaining to any organism having as its fundamental structural unit a cell type that contains specialized organelles in the cytoplasm, a membrane-bound nucleus enclosing genetic material organized into chromosomes, and an elaborate system of division by mitosis or meiosis, characteristic of all life forms except bacteria, blue-green algae, and other primitive microorganisms
- সংকোষীCommon Noun
পূৰ্ণ বিকশিত কোষকেন্দ্ৰ-যুক্ত কোষেৰে গঠিত যিকোনো জীৱ
an organism that possesses cells with a clearly defined nucleus
- সংক্লেদProper Adj.
অলপ পানী অথবা জলীয় অংশযুক্ত৷
Slightly wet or having moisture content.
- সংক্ষিপ্তsaṅkṣiptaAdjective
চুম্বক; সংক্ষেপ কৰা; অলপ বা চুমু কৰা; . সংক্ষেপ বিণ. সংক্ষিপ্ত। ক্ৰি. বিণ. সংক্ষেপকৈ, সংক্ষেপৰূপে।
abridged
- সংক্ষিপ্ত কৰ্xong.khyip.to korVerb-Trans.
কোনো বস্তুৰ আকাৰ সৰু কৰা কাৰ্য্য
to change something to a smaller size
- সংক্ষিপ্ত কৰ্Verb-Trans.
কোনো শব্দ বা বাক্য চুটি কৰিবলৈ প্ৰত্যেক শব্দৰে প্ৰথম বৰ্ণটো লৈ লিখা৷
to make a word or phrase shorter by using only the first letters of each word.
- সংক্ষিপ্ত ৰূপAbstract Noun
কোনো শব্দ বা বাক্যাংশৰ চুটি ৰূপ৷
a short form of a word or phrase.
- সংক্ষিপ্তসাৰxong.khyip.to.xarAbstract Noun
কোনো লেখনি বা বক্তৃতাৰ মূল আৰু সাৰগৰ্ভ অংশখিনি চমুৱাই লিখা বা কোৱা
A short piece of writing containing the main ideas from a longer document
- সংক্ষেপxong.khyepProper Adj.
অতি চমুকৈ বৰঞ্চ স্পষ্টকৈ কিছু কথাৰে প্ৰকাশ কৰা
Brief but clearly expressed in very few words.
- সংক্ষেপেxong.khye.peAdverb
চুটিকৈ বা মাথোঁ কেইটামান শব্দত (লিখা বা কোৱা)
In short or few words (write or tell sth)
- সংক্ৰমণsaṅkramaṇa
পাৰ হোবা কাৰ্য্য
- সংক্ৰমণশীলxong.kro.mon.xilVerbal Adj.
সংক্ৰমণ হ’ব পৰা; জীৱাণুৰ দ্বাৰা সংঘটিত (ৰোগ)
capable of being transmitted; caused by microorganisms (disease)
- সংক্ৰমিতxong.kro.mitProper Adj.
কোনো বেমাৰ-আজাৰ আদিৰ কৱলত পৰা ৷
Containing or resulting from disease-causing organisms.
- সংক্ৰান্তsaṅkrāntaAdjective
সম্পৰ্কীয়; যেনে-"ৰাজহ-সংক্ৰান্ত কাগজপত্ৰ"
pertaining to