কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দক্ষিণা বতাহdo.khyi.na bo.tahProper Noun
বসন্তৰ আৰম্ভণিৰেপৰা দক্ষিণ দিশৰপৰা বলা সুগন্ধি আৰু শীতল বতাহ | ভাৰতৰ দক্ষিণ-পছিমে বোম্বাই (বৰ্তমানৰ মুম্বাই) প্ৰদেশত থকা পছিমঘাট পৰ্ব্বতৰ উত্কৃষ্ট চন্দন কাঠৰ সুগন্ধ লৈ অহা ধীৰ বতাহ |
The frgrant breeze blowing from the south-west at the beginning of the spring. It is believed that the Malaya breeze blows from the Pochimghaat hill nearby Bombay (Mumbai).
- দক্ষিণানিলdo.khyi.na.nilProper Noun
বসন্তৰ আৰম্ভণিৰেপৰা দক্ষিণ দিশৰপৰা বলা সুগন্ধি আৰু শীতল বতাহ | ভাৰতৰ দক্ষিণ-পছিমে বোম্বাই (বৰ্তমানৰ মুম্বাই) প্ৰদেশত থকা পছিমঘাট পৰ্ব্বতৰ উত্কৃষ্ট চন্দন কাঠৰ সুগন্ধ লৈ অহা ধীৰ বতাহ |
The frgrant breeze blowing from the south-west at the beginning of the spring. It is believed that the Malaya breeze blows from the Pochimghaat hill nearby Bombay (Mumbai).
- দক্ষিণাপথdakṣiṇāpathaNoun
দাক্ষিণাত্য
the Deccan
- দক্ষিণাবৰীdo.khyi.na.bo.riAbstract Noun
দক্ষিণ দিশৰ পৰা বলা বতাহ
wind blowing from the southern direction
- দক্ষিণাবৰ্ত্ত-শঙ্খdakṣiṇābartta-śaṅkhaNoun
এবিধ শঙ্খ; যেনে-"তাতে আহোম পুৰোহিত ......মন্ত্ৰেৰে পবিত্ৰ কৰা পানী দক্ষিণাবৰ্ত্ত-শঙ্খ নামে পাত্ৰৰপৰা ৰজাদেবৰ গাত ঢলা হয় (বুৰঞ্জী)"
a conch-shell having a valve opening to the right side
- দক্ষিণায়নdakṣiṇāẏanaNoun
বিষুব ৰেখাৰপৰা সূৰ্য্যৰ দক্ষিণফালে কৰা গতি
- দক্ষিণায়ন বৃত্তdo.khyi.na.yon brit.toMaterial Noun
বিষুৱ ৰেখাৰ ২৩.৫° অক্ষাংশ দক্ষিণে থকা পৃথিবীৰ কল্পিত অক্ষৰেখা।
one of the two imaginary lines drawn around the world 23.5°south of the Equator.
- দক্ষিণায়ন-বৱত্ত
বা মকৰ-ক্ৰান্তি
the tropic of Capricorn
- দক্ষিণায়ন-মণ্ডল
সূৰ্য্য দক্ষিণায়নত থকা কাল; শীত-কাল; জাৰ-কাল
the winter season
- দক্ষিণাৰ্কdakṣiṇārkaNoun
যিদিনা দক্ষিণায়ন আৰম্ভ হয় অৰ্থাৎ সূৰ্য্য লাহে লাহে দক্ষিণফাললৈ যাবলৈ ধৰে
the day on which winter solstice commences
- দক্ষিণীয়াdakṣiṇīẏāAdjective
দক্ষিণকালত থকা বা দক্ষিণফালৰপৰা অহা; দক্ষিণ ফালৰপৰা চলা
southern; blowing from the south
- দকৰাdakarāAdjective
থোঁতা; খোনা।
- দকৰ্dakarIntransitive verb
ফেঁকুৰ্
to sob
- দখনাdo.kho.naMaterial Noun
বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি পিন্ধা কাপোৰ৷
a wrapper worn round the waist and chest by Boro women.
- দখলdakhalaNoun
অধিকাৰ; উপভোগ
possession; occupation
- দখল কৰ্do.khol korVerb-Trans.
কোনো বস্তু চম্জি লোৱা বা অধিকাৰ কৰা
to take possession of sth
- দখল থাক্dokhol thakVerb-Trans.
কোনো কামত পাকৈত হোৱা
to gain expertize on a skill
- দখলকাৰ
যি দখল কৰি আছে
a possesser
- দখলকাৰীdo.khol.ka.riCommon Noun
ঘৰ, কোঠা আদি অধিকাৰ বা দখল কৰি থকা ব্যক্তি
a person who occupies a home, room etc.
- দখলদাৰdo.khol.darCommon Noun
ঘৰ, কোঠা আদি অধিকাৰ বা দখল কৰি থকা ব্যক্তি
a person who occupies a home, room etc.