কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঝ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঝুলনাjhul.naMaterial Noun
ৰচীৰে ওলমাই ৰখা চকী/পিৰা, দুলি দুলি খেলিব পৰা ব্যৱস্থা।
A seat hanged with flexible ropes or chains from a fixed frame so that it swings and used as playing equipment.
- ঝুলিjhu.liMaterial Noun
চামৰা বা প্লাষ্টিকেৰে নিৰ্মিত (সাধাৰণতে জেপত ভৰাই নিব পৰা বা পেটীত ওলোমাই দিব পৰা )সৰু মোনা৷
a small bag usually made of (leather or) plastic carried in a pocket or attached to a belt e.g. a water/tobacco pouch
- ঝুলীjhu.liMaterial Noun
চামৰা বা প্লাষ্টিকেৰে নিৰ্মিত (সাধাৰণতে জেপত ভৰাই নিব পৰা বা পেটীত ওলোমাই দিব পৰা )সৰু মোনা৷
a small bag usually made of (leather or) plastic carried in a pocket or attached to a belt e.g. a water/tobacco pouch
- ঝুৰাjhurāTransitive verb
চেঁচা কৰ্; তাপ কমা
to cool
- ঝুৰাবতjhurābata
'ঝুৰ্' চোবাঁ; যেনে-"ঝুৰাবত উৰে হেম-হাৰ" (বৰগীত)।
- ঝুৰ্jhurIntransitive verb
ওলমি থাক্; যেনে-"কটিত কনক কিঙ্কিণী ঝুৰে" (বৰগীত)
to be suspended
- ঝোলjholaNoun
জুলীয়া বস্ত্ত পানীৰ নিচিনা বস্ত্ত, দ্ৰব বস্ত্ত
a liquid
- ঝোৰ্jhorTransitive verb
হাবি কাটি পৰিষ্কাৰ কৰ্
to clear (as jungle)
- ঝৰণাjharaṇāNoun
পৰ্ব্বতৰপৰা জানৰ দৰে হৈ বৈ অঙা পানী; পানী; নিজৰা
a stream of water flowing from a hill or a mountain; water-fall
- ঝৰণিjharaṇiNoun
জৰি জৰি আহি গোট খাই থকা পানী; নৈ, বিল আদিৰপৰা মাটিৰ মাজেদি জৰি বা সৰকি আহি ওচৰৰ দ ঠাইত গোট খোবা পানী
a pool of water oozing out from a neighbouring river, etc
- ঝৰাjharāTransitive verb
মন্ত্ৰ মতাই ৰোগ ভাল কৰা
to cause to be cured by uttering incantation
- ঝৰিjhariNoun
কেইবাদিনলৈও নেৰা-নেপেৰা বৰষুণ
continuous rain for several days
- ঝৰ্jharIntransitive verb
পানীৰ দৰে অলপ অলপকৈ বাহিৰ হ; বিৰিং
to ooze out
- ঝৰ্ঝৰjharjharaNoun
শুকান, সৰু সৰু গুটিৰ নিচিনা বস্ত্ত সৰহকৈ বা জাক পাতি পৰোঁতে হোবাৰ নিচিনা শব্দ; ধাৰাসাৰে বৰষুণৰ পানী পৰোঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by a large quantity of seeds falling down at a time or by rains falling in rapid succession
- ঝৰ্ঝৰণিNoun
জৰ্ জৰ্ কৰা কাৰ্য্য।
- ঝৰ্ণাjhor.naMaterial Noun
পৰ্বতৰ পৰা বৈ অহা সৰু নদী ।
A relatively small river coming down from a Hill or mountain.