কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফেদুৱাphe.du.waProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- ফেদেলাphe.de.laProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- ফেনphenaNoun
বৰকৈ সঞ্চালিত হোবা বা উতলাৰ গুণে বতাহ সোমাই জুলীয়া বস্ত্তৰ ওপৰত ওলোবা অকণি অকণি ঢৌৰ সমষ্টি
foam; froth
- ফেন উঠ্pen uthVerb-Intran.
বুৰবুৰণি উঠি ফেনৰ সৃষ্টি হ
to cause to foam
- ফেন- ফেনীয়াAdjective
ফেনৰ নিচিনা; বৰ কোমল
froth like; very soft
- ফেন- ফোটোকাৰ
ফেন আৰু উতলা পানীৰ ফুটৰ নিচিনা বস্ত্ত আদি
foam and things like it
- ফেনকুটিNoun
কওঁতে মুখৰপৰা ওলোবা ফেন
the froth coming out of the mouth while talking
- ফেনফেনীয়াphen.phe.ni.yaProper Adj.
ফেনাই থকা অৱস্থা এটা।
having froth or foamy.
- ফেনযুক্তphen.juk.toProper Adj.
ফেনাই থকা অৱস্থা এটা।
having froth or foamy.
- ফেনলNoun
ফেনল
ফেনল
- ফেনল ৰেডNoun
ফেনল ৰেড
ফেনল ৰেড
- ফেনলিক এছিডNoun
ফেনলিক এছিড
ফেনলিক এছিড
- ফেনাIntransitive verb
ফেন ধৰ্; ফেন উৎপন্ন কৰ্
to foam
- ফেনাইলphenāilaNoun
দুৰ্গন্ধ আৰু বীজাণুনাশক এবিধ পনীয়া বস্ত্ত
phenyl
- ফেনিলphenilaAdjective
ফেনযুক্ত।
- ফেনীphenīNoun
পানী আৰু চেনিত পিঠাগুড়ি গুলি ঘিউত ভাজি কৰা এবিধ পিঠা।
- ফেনে ফোটোকাৰেAdverb
(বাঢ়নী পানী)।
- ফেনে-ফোটোকাৰেphe.ne-pho’.to’.ka.reAdverb
বানপানীয়ে নদীৰ কাষৰ ঘোলা বস্তু আৰু পানীৰ ফেন একেলগে কঢ়িয়াই অনা ৷
to carry away foam and mud with flood.
- ফেনেকা-ফেনেকAdjective
মোহাৰি পেন্দা কৰা
crushed
- ফেনেকা-ফেনেক কৰ্phe.ne.ka-phe.nek korVerb-Trans.
মোহাৰি পেন্দা কৰ্ বা খচি ফেন তোল্।
to work (dough, clay, etc.) into a uniform mixture by pressing, folding, and stretching.