কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাটেশ্বৰীnāṭeśbarīNoun
বেশ্যা; নাটনী; অসতী তিৰোতা
an unchaste woman
- নাটেশৰীna.te.xo.riCommon Noun
a woman who engages in sexual intercourse for money
- নাট্nāṭIntransitive verb
নোজোৰা হ; যিমান লাগে সিমান নহ; কম হ; যেনে-"পেটক আটে চকুক নাটে"
to be insufficient
- নাট্যnāṭyaNoun
নাচ আৰু ভাও দেখুওবা বিদ্যা
the science of acting and dancing on the stage
- নাট্যকলাNoun
চৌষষ্ঠি কলাৰ এক কলা; নাচ্যশালা ভাওনা কৰা ঘৰ
a theatre
- নাট্যকাৰnatyo.karCommon Noun
নাট লেখা ব্যক্তি ৷
One who writes plays.
- নাট্যকৰ্মীna.tyo.kor.miCommon Noun
নাটকত ভাও লওঁতা
A theatrical performer
- নাট্যদৃশ্যAbstract Noun
বিশৃংখল, ৰঙীন সাজ-পোছাক পিন্ধা মানুহৰ শোভাযাত্ৰা বা কোনো ঐতিহাসিক দৃশ্যৰ বাহিৰৰ প্ৰদৰ্শনেৰে গঠিত ৰাজহুৱা মনোৰঞ্জন৷
a public entertainment consisting of a procession of people in elaborate, colourful costumes, or an outdoor performance of a historical scene.
- নাট্যমন্দিৰnatyo.mon.dirAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- নাট্যলিপিna.tyo.li.piProper Noun
নাটক, চলচ্চিত্ৰৰ আদি বিষয় বস্তুৰ লিখিত ৰূপ ৷
The text of a play, broadcast, or movie.
- নাট্যশালাnatyo.xa.laAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- নাট্যশ্লেষna.tyo.slexAbstract Noun
নাটকৰ চৰিত্ৰৰ কথা আৰু কামৰ দুতৰপীয়া, বিপৰীতমুখী আচৰণ৷ চৰিত্ৰৰ মুখৰ বচনে কেতিয়াবা আওপকীয়াকৈ দিয়া কথাৰ বিপৰীত আচৰণৰ আভাস৷ নাট্যশ্লেষে সংলাপক কৌতুকপূৰ্ণ কৰি তোলে৷
when the words and actions of a character in a play have different, rather contradictory meanings for the audience. The character mean or do something different from what they say.
- নাঠnāṭhaNoun
হানি; ক্ষতি
loss
- নাঠাnāṭhāAdjective
লোকচান হোবা (বেপাৰ)
causing loss
- নাঠি
নষ্ট; যেনে-"দেখে জনসবে শস্যসব কৰে নাঠি" (শঙ্কৰ-চৰিত)।
- নাঠৰিAdjective
নষ্ট হোবা; ক্ষতি হোবা
lost
- নাতিnātiNoun
জী বা পোৰ পুতেক
a grandson
- নাতি-পুতিNoun
নাতি আৰু অন্যান্য সন্তান; বাঢ়ি যোবা বংশৰ মানুহবিলাক
posterity; descendants
- নাতিদীৰ্ঘna.ti.dir.ghoProper Adj.
প্ৰয়োজনীয় দৈৰ্ঘ্যতকৈ কম
less than the required length
- নাতিদূৰProper Adj.
কম দূৰত বা ব্যৱধানত থকা
situated at a short distance or interval.