কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চম্জাTransitive verb
ভালকৈ গতাই দি; ভালকৈ বুজাই দি
to make over charge; to explain clearly
- চম্পকcampakaNoun
চঁপাফুল।
- চম্পটcampaṭa
চাপৰ; ঢকা; যেনে-"চবৰ চম্পট কিল লাঠিৰ প্ৰহাৰ। দান্তে নখে আঞ্চুৰিয়া কৰিলোঁ বিদাৰ" (মা.ক., কিষ্কিন্ধ্যাকাণ্ড)
a slap on the body
- চম্পাcampāNoun
চম্পক; চঁপা; গুলচ।
- চম্পাৱতীsom.pa.bo.tiProper Noun
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উল্লেখযোগ্য উপনৈভূটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু গোৱালপাৰাৰ মাজেদি বৈ গৈছে
A very important tributary of Brahmaputra in norther bank. Coming from Bhutan flowing through Kokrajhar and Goalpara end at Brahmaputra
- চম্পূcampūNoun
গদ্য-পদ্য মিহলাই লিখা পুথি
a work partly in prose and partly in verse
- চম্বলsom.bolMaterial Noun
চম্বল নদী হল যমুনা নদীৰ প্ৰধান উপনৈ৷ বৃহত্তম গঙ্গা অববাহিকাৰ অংশ৷ মধ্য প্ৰদেশত উৎপন্ন হৈ মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মাজেদি দি প্ৰবাহিত হৈ উত্তৰ প্ৰদেশত যমুনা নদীৰ লগত মিলিছে৷
A main tributory of Yamuna, starting from Maddhya Pradesh, flowing through Rajasthan and finaly meets Yamuna in UP.
- চম্বল নদীsom.bol no.diMaterial Noun
চম্বল নদী হল যমুনা নদীৰ প্ৰধান উপনৈ৷ বৃহত্তম গঙ্গা অববাহিকাৰ অংশ৷ মধ্য প্ৰদেশত উৎপন্ন হৈ মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মাজেদি দি প্ৰবাহিত হৈ উত্তৰ প্ৰদেশত যমুনা নদীৰ লগত মিলিছে৷
A main tributory of Yamuna, starting from Maddhya Pradesh, flowing through Rajasthan and finaly meets Yamuna in UP.
- চম্বিতcambitaNoun
বোধ; গম
sense
- চম্ভালিব পৰাProper Adj.
অসুবিধা নোহোৱাকৈ নিয়ন্ত্ৰণ বা পৰিচালনা কৰিব পৰা
able to be controlled or dealt with without difficulty.
- চম্ভালোঁতা
চম্ভাল কৰোঁতা
one who controls, etc.
- চম্ভাল্cambhālTransitive verb
দমন কৰ্; বশ কৰ্; সাবধান বা অধীনত ৰাখি কাম কৰ্
to control; to check
- চমৎকাৰso.mot.karAdjective Adj.
চকুত লগাকৈ সুন্দৰ ; অত্যন্ত সুখকৰ, তুষ্টিদায়ক বা তৃপ্তিদায়ক |
dazzlingly beautiful or magnificent. characterized by magnificence or virtuosic brilliance
- চমৎকাৰীso.mot.ka.riAdjective Adj.
চকুত লগাকৈ সুন্দৰ ; অত্যন্ত সুখকৰ, তুষ্টিদায়ক বা তৃপ্তিদায়ক |
dazzlingly beautiful or magnificent. characterized by magnificence or virtuosic brilliance
- চমৰা মাৰ্camarā, mārIntransitive verb
তৰপা মাৰ্; ডাঠ ছালৰ নিচিনা হ; যেনে-"গাখীৰ চমৰা মাৰি উঠিছে"
to form a layer on the surface
- চমৰিয়াcamariẏāNoun
গাৰ ছালত খজুবতি উৎপন্ন কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ খহু
itches
- চমৰীcamarīNoun
চুঁবৰী পহু [তাৰ নেজেৰে চোঁবৰ হয়; ই তিব্বত দেশৰ গৰু জাতিৰ বনৰীয়া জন্ত্ত।]
the Bos grunniens
- চমৰী গাইso.mo.ri gaiCommon Noun
পামিৰ মালভূমি, তিব্বত আদি উচ্চ অঞ্চলত পোৱা গৰু জাতীয় ৰোমশ, ভাৰবাহী আৰু দুগ্ধোত্পাদক বনৰীয়া জন্তু বিশেষ
a large, stocky, shaggy-haired wild ox, Bos grunniens, of the Tibetan highlands, having long, curved horns
- চমৰী পহুso.mo.ri po.huCommon Noun
পামিৰ মালভূমি, তিব্বত আদি উচ্চ অঞ্চলত পোৱা গৰু জাতীয় ৰোমশ, ভাৰবাহী আৰু দুগ্ধোত্পাদক বনৰীয়া জন্তু বিশেষ
a large, stocky, shaggy-haired wild ox, Bos grunniens, of the Tibetan highlands, having long, curved horns
- চলNoun
কোনো কাৰ্য্য চলাবৰ উপায় বা জুতি
the secret of doing anything; advantage